জনীয়া, সংবাদ ৩৬৫, ২০ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ জনীয়াত আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদত মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্প, সৌজন্যত বৰপেটা জিলা সমাজ কল্যান বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় পোষণ মাহ পালন ১ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ এক সজাগতা সভা পালন কৰা হয়। বুধবাৰে ৰাতিপুৱা ১০ বজাত অংগণবাদী কৰ্মী, আশাকৰ্মী আৰু কৰ্মকর্তা সকলে এক শোভাযাত্ৰা উলিয়াই। এই শোভাযাত্ৰাত বাল্য বিবাহ বন্ধ কৰক, ৰক্তহীনতা দূৰ কৰক, গৰ্ভৱতী মহিলাৰ পুষ্টিকৰ খাদ্যৰ যোগান ধৰক শোভাযাত্ৰাত শ্লোগান দিয়ে। ১১ বজাৰ পৰা অংগণবাদী কৰ্মকর্তা আৰু ৰাইজ লৈ সভা অনুষ্ঠিত হয়। এই সভাত সভাপতিত্ব কৰে আঞ্চলিক গ্ৰাম উন্নয়ন পৰিষদৰ সভাপতি আব্দুল মালেক, বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত পুলক পাটগিৰি, জিলা সমাজ কল‍্যান‍ বিষয়া আৰু জিলা চাইল্ড লাইনৰ কৰ্ডিনাটৰ ৰফিকুল ইছলাম ডাঙৰীয়া ভাষণ দিয়ে। অসম চৰকাৰ আৰু ভাৰত চৰকাৰ লগতে গৰ্ভৱতী মহিলা বিলাকে কেনে ধৰণৰ খাদ্য খালে সন্তান বা মাক সুস্থ থাকিব এই সভাত বুজ দিয়ে। অসম চৰকাৰে পোষণ মাহ ১ৰ পৰা ৩০ ছেপ্টেম্বৰ লৈ ২০১৮ পোষণ মাহ যোগে এই সমগ্ৰ কথা বিলাক সাধাৰণ জনতাক জনাব বিচাৰে।