বৰপেটা, সংবাদ ৩৬৫, ২০ ছেপ্টেম্বৰ: বৰপেটাৰ ঢাৰিনগৰী খ্যাত কয়াকুছিৰ পাকাবেতবাৰী উন্নয়ন খণ্ডত ব্যাপক দুৰ্নীতিত অতিষ্ঠ হৈ বুধবাৰে অঞ্চলটোৰ ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। দুৰ্নীতিৰ বিৰুদ্ধে বিভিন্ন শ্লোগান সন্বলিত প্লেকাৰ্ড হাতে হাতে লৈ ভুক্তভোগী পুৰুষ-মহিলাই শাৰী পাতি মিছিল উলিয়াই কাৰ্যালয়ত সমবেত হৈ দুৰ্নীতিৰ বিৰুদ্ধে শ্লোগান দিয়ে। ভুক্তভোগী সকলে প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদৰ বিষয় সমূহ জনাই কয় যে খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে নীতি বহিৰ্ভুতভাৱে গাড়ীৰ তেলৰ বাবদ ৯৭¸৩২৭ টকা খৰচ দেখুৱা, ইন্দিৰা আৱাস যোজনা আঁচনিৰ কণ্টিজেন্চীৰ (প্ৰসংগিকতা) ধনৰ সঠিকভাৱে ব্যৱহাৰ নকৰা, জেৰক্সৰ বাবদ প্ৰতিকপিত ৫ টকা খৰচ দেখুৱা, ডাটা এন্ত্ৰীৰ নামত অফিচৰ কৰ্মচাৰীৰ বাহিৰেও বাহিৰা মানুহৰ দ্বাৰা কাম কৰা দেখুৱাই ১¸৪৭¸৫৮৮ টকা বিল আদায় লোৱা, ইন্দিৰা আৱাস যোজনা আঁচনিৰ ঘৰ পোৱা তালিকাৰ প্ৰায় ১০০ জনে দ্বিতীয় আৰু তৃতীয় কিস্তিৰ ধন নোপোৱাৰ বিৰুদ্ধে অনুষ্ঠিত গণ আন্দোলন কাৰ্যসূচীত কেবাশতাধিক লোকে অংশ গ্ৰহণ কৰে। কাৰ্যসূচীত অংশ গ্ৰহণ কৰা তথা আৰটিআই কৰি দুৰ্নীতি পোহৰলৈ অনা মতিয়াৰ ৰহমানে উপৰোক্ত দুৰ্নীতিৰ বিৰুদ্ধে কয়াকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হেমন্ত হালৈ ¸ পাকাবেতবাৰীৰ উন্নয়ন খণ্ড বিষয়া বিবেকানন্দ নাথৰ উপস্থিতত উপৰোক্ত দাবী সম্বলিত এখনি স্মাৰক পত্ৰ বৰপেটাৰ এটাচড ছাৰ্কোল অফিচাৰ নিতুল খাটনিয়াৰৰ জৰিয়ৰে বৰপেটাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰ আৰু আৰক্ষী অধীক্ষক ভায়োলেট বৰুৱালৈ প্ৰেৰণ কৰে ।