বঙাইগাঁও, সংবাদ ৩৬৫, ২০ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ নাম্বাৰ পাৰা চাকলা সমবায় সমিতি খনত দীৰ্ঘ দিন ধৰি চলি থকা ব্যাপক দূৰ্নীতি আৰু অনিয়ম, পৰিচালনা সমিতিৰ সভাপতি আবেদ আলী আৰু সম্পাদক তোফাজ্জুল হুছেইনৰ বিৰুদ্ধে বুধবাৰে অনুষ্ঠিত হোৱা সাধাৰণ সভা বৰ্জন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ অংশীদাৰকাৰীয়ে। উল্লেখ্য যে দীৰ্ঘদিন ধৰি অনিয়ম চলাই অহা সভাপতি আবেদ আলী আৰু সম্পাদক তোফাজ্জুল হুছেইনৰ লোভী ক্ষমতাকেন্দ্ৰিক অৰিয়াঅৰিৰ ফলত ধ্বংসৰ মুখলৈ যোৱা সমবায় খন আজি দুবছৰ ধৰি আন সমবায়ত টেগ হৈ আছে। যাৰ বাবে ৰাজহ বিতৰণ সামগ্ৰীৰ পৰা বঞ্চিত হৈ আছে সাধাৰণ জনতা। পৰিচালনা সমিতিয়ে সম্পাদকক বৰ্খাস্ত কৰা আৰু নতুন সম্পাদকক নিযুক্তি দিয়াক কেন্দ্ৰ কৰি চলি আছে ক্ষমতাৰ যুদ্ধ। যোৱা দেওবাৰে অনুষ্ঠিত হোৱা সাধাৰণ সভা স্থগিত কৰি বুধবাৰে সভাখন অনুষ্ঠিত কৰে যদিও ‌সভা বৰ্জন কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে একাংশ অংশীদাৰে। সভাত পক্ষপাতিত্ব মুলক আলোচনা, নিয়ম বহিৰ্ভূত ভাবে সহ সম্পাদক গোপনে নিযুক্তি দিয়া আদিৰ অভিযোগত পৰিচালনা সমিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।একাংশ অংশীদাৰে সভা বৰ্জন কৰি পৰিচালনা সমিতি মুৰ্দাবাদ, দূৰ্নীতি বন্ধ কৰক, সমবায় সমিতি ধ্বংস কৰা নচলিব অাদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে । দূৰ্নীতিৰ শূন্য সহণশীল চৰকাৰ খনে নিৰপেক্ষ তদন্ত মুলে সমবায় সমিতিৰ পৰিচালনা সমিতি ভংগ কৰি সমবায় খন কাৰ্যক্ষম কৰি তোলাৰ দাবী তুলিছে ৰাইজে।