জনীয়া, সংবাদ ৩৬৫, ২৪ নৱেম্বৰ: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে ক্ৰমান্বয়ে গৰম হ’ব ধৰিছে জনীয়াৰ পঞ্চায়ত নিৰ্বাচনী বতাহ। শুকুৰবাৰে সন্ধিয়া বি জে পি দলৰ বৰপেটা জিলা সমিতিৰ সভাপতি শংকৰ প্ৰসাদ দাস, সম্পাদক নব কুমাৰ দাস, মহিলা মৰ্চাৰ সভানেত্ৰী, সম্পাদীকাকে ধৰি ভালে সংখ্যক নেতা-কৰ্মীৰ লগতে তিনি শতাধিক ৰাইজৰ উপস্থিতিত উদ্বোধনী সভা অনুষ্ঠিত কৰা হয়। সভাত কংগ্ৰেছ দলে জিলা পৰিষদৰ টিকট ২০ পৰা ৩০ লাখ, সভাপতিৰ টিকট ১১পৰা ২০ লাখ, আঞ্চলিক সদস্যৰ ৫ পৰা ১০ লাখ আৰু পঞ্চায়তৰ সামান্য সদস্য পদৰ টিকট ৬০ হেজাৰৰ পৰা ১.৫ লাখত বিক্ৰী কৰা বুলি ক্ষুৰধাৰ সমালোচনা কৰে। এইবেলি ৮১ নং জনীয়া গাওঁ পঞ্চায়তৰ বাবে সভাপতি পদৰ বাবে কংগ্ৰেছ দলৰ পৰা ছাবেদ আলী, এ আই ইউ ডি এফৰ পৰা নুৰুল ইছলাম (টিপু) ভাৰতীয় জনতা দলৰ পৰা আব্দুল হাই চৌধুৰী, ভোটাৰ্চ পাৰ্টিৰ পৰা সাহেব আলী আৰু তৃণমূল কংগ্ৰেছ দলৰ পৰা বাহাৰুল ইছলামে প্ৰতিদ্বন্দীতা আগবঢ়াইছে। জনীয়া সমষ্টিৰ বিধায়ক আব্দুল খালেকে এইবেলি উপৰোক্ত দামত বিভিন্ন এজেন্টৰ দ্বাৰা দোকানত বিক্ৰী কৰাৰ দৰে টিকট বিক্ৰী কৰিছে বুলি খোদ একাংশ কংগ্ৰেছ দলৰ কৰ্মীয়ে সদৰী কৰাৰ পাছৰ পৰা সাধাৰণ ভোটাৰে কংগ্ৰেছ দল আৰু বিধায়ক আব্দুল খালেকৰ প্ৰতি বিতুষ্টি প্ৰকাশ কৰাৰ লগতে আব্দুল খালেকে ধন লৈ প্ৰাৰ্থীত্ব প্ৰদান কৰা প্ৰাৰ্থী সকলে টিকট ক্ৰয় কৰাৰ দূৰ্নীতি সহজ ভাৱে লোৱা নাই ৰাইজে। ৰাইজৰ অভিযোগ মতে টিকট কিনা ব্যক্তি সকল নিৰ্বাচিত হ’লে গো-গ্ৰাসে হজম কৰিব সকলো। যাৰ বাবে আব্দুল খালেকৰ পৰা টিকট ক্ৰয় কৰা গ্ৰাহক সকলে গভীৰ সংকটত পৰা দেখা গৈছে। ১৩নং জনীয়া জিলা পৰিষদ সমষ্টিৰ সদস্য পদৰ বাবে এ আই ইউ ডি এফৰ পৰা মীৰ নজৰুল ইছলাম, কংগ্ৰেছৰ পৰা এম হাবিব উল্লাহ, বি জে পিৰ পৰা কাদং গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী ৰমামিত্ৰ আৰু অসম গণ পৰিষদ দলৰ পৰা তহিবুল ইছলামে প্ৰতিদ্বন্দীতা আগবঢ়াইছে। উল্লেখ্য যে কংগ্ৰেছে ধনৰ বিনিময়ত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাতৰি একাংশ কংগ্ৰেছ কৰ্মীয়ে সদৰী কৰাৰ পাছৰ পৰাই জনীয়াত অভূতপূৰ্ব ভাৱে এ আই ইউ ডি এফ আৰু বি জি পিৰ উত্থান হোৱা পৰিলক্ষিত হৈছে। অৱশ্যে শেষত গৈ ৰাইজে কোন ফালে ঢাল খায় সেয়া এতিয়াও নিশ্চিত ভাৱে ক’ব পৰা হোৱা নাই।