বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ২৩ নৱেম্বৰ: আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে শুকুৰবাৰে নগাওঁ জিলাৰ ৮৪নং বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ৩৭নং কদমনি গাওঁপঞ্চায়তত অগপৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে ৷ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকি অগপৰ সমিতিৰ সভানেত্ৰী মামনি বৰাই কয় যে এইবাৰ বটদ্ৰৱা সমষ্টিত অগপৰ উত্থন ঘটিছে ফলত সমষ্টিটোত অগপলৈ মানুহ ধাপলি মেলিছে ৷ কিয়নো বিগত পঞ্চায়তত কংগ্ৰেছ দলৰ ব্যাপক দুৰ্নীতিৰ বাবে আমাৰ কাষ চাপিছে ৷ সভাখনত উপস্থিত থাকি সমষ্টিটোৰ কমিটিৰ সাধাৰণ সম্পাদক নজৰুল ইছলামে কয় যে অগপ আৰু বিজেপি মিত্ৰ দলত থাকি পৃথকে পৃথকে পঞ্চায়ত নিৰ্বাচন খেলাত আমাৰ দলৰ কোনো ক্ষতি নহয় ৷ সভাখনত কদমনি গাওঁপঞ্চায়তৰ সভানেত্ৰী পদৰ প্ৰাৰ্থী আপচানা খাতুন ,৯নং বটদ্ৰৱা জিলাপৰিষদৰ প্ৰাৰ্থী মাৰ্জিনা নাছৰিনৰ বটদ্ৰৱা মণ্ডল সমিতিৰ সম্পাদক জয়ন্ত হাজৰিকাকে ধৰি বহু সংখ্যক অগপৰ সমৰ্থক উপস্থিত আছিল ৷