গুৱাহাটী, সংবাদ ৩৬৫, ৩ জুনঃ ৰাজ্যৰ ডিজিটেল সংবাদ মাধ্যমৰ লগত জড়িত সংবাদ গোষ্ঠী আৰু সাংবাদিক সকলে দেওবাৰে গুৱাহাটীৰ দিছপুৰ প্ৰেছ ক্লাৱত গঠন কৰিলে ‘ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এচোছিয়েচন’ (‘দিমজা’) নামৰ এক নতুৰ সংগঠন। দেওবাৰে ২০ টা ডিজিটেল সংবাদ মাধ্যমৰ প্ৰতিনিধি সকলে দিছপুৰ প্ৰেছ ক্লাৱত মিলিত হৈ সংগঠনটো গঠন কৰে। ডিজিটেল সংবাদ মাধ্যম জি প্লাছৰ স্বপ্নীল ভৰালীক সভাপতি, আছাম টাইমছৰ ৰঞ্জন বৰুৱাক কাৰ্য্যকৰী সভাপতি, নৰ্থ ইষ্ট নাওৰ আছিফ ইব্ৰাহিম আৰু ইউ বি ৱায়াৰৰ বিশ্বজিৎ নাথক উপ সভাপতি, নৰ্থ ইষ্ট নাওৰ মানস ৰয়ক সাধাৰণ সম্পাদক, নিউজ নেক্সট ৱানৰ ওৱাহেদুৰ ৰহমান, অসম সংবাদৰ লক্ষীনাথ হীৰা, এনই ফ’কাচৰ সংগীতা শইকীয়া, জি প্লাছৰ সিদ্ধাৰ্থ বেদী বাৰ্মা আৰু নিউজ মিলৰ জয়ন্ত ডেকাক সহযোগী সম্পাদক, নৰ্থ ইষ্ট নাওৰ মহেশ ডেকাক সাংগঠনিক সম্পাদক, নৰ্থ ইষ্ট নাওৰ দুৰ্লভ গগৈক প্ৰচাৰ সম্পাদক, ইনছাইদ এনইৰ নিতুল ডেকাক কোষাধ্যক্ষ হিচাপে লৈ ডিজিটেল মিডিয়াৰ লগত জড়িত সংবাদ গোষ্টীৰ প্ৰতিনিধি আৰু সাংবাদিক সকলৰ উপস্থিত এখন কাৰ্য্যনিৰ্বাহক সমিতিও গঠন কৰা হয়। সংগঠনটোৰ সভাপতি, সাধাৰণ সম্পাদকৰ লগতে ৰাজু দেউৰী, ওৱাহেদুৰ ৰহমান, বিশ্বজিৎ নাথ, জয়ন্ত ডেকা আৰু ৰঞ্জন বৰুৱাসহ ৭ জনীয়া সমিতি এখনক সংগঠনটোৰ সংবিধান প্ৰস্তুত কৰাৰ দায়িত্ব অৰ্পণ কৰা হয়। ৰাজ্যৰ ছপা আৰু বৈদ্যুতিক মাধ্যমৰ লগত জড়িত সাংবাদিক সকলৰ কেইবাটাও সংগঠন আছে যদিও নতুনকৈ আত্মপ্ৰশাস কৰি অতি কম সময়ৰ ভিতৰত জনপ্ৰিয়তা লাভ কৰা ডিজিটেল সংবাদ মাধ্যমৰ লগত জড়িত সংবাদ গোষ্ঠী আৰু সাংবাদিক সকলৰ কোনো ধনৰণ সংগঠন নথকাৰ বাবে ‘ডিজিটেল মিডিয়া জাৰ্নেলিষ্ট এচোছিয়েচন’ৰ গঠন কৰা হয়।