খবিৰ আলী
দৰঙ
১৫ আগষ্ট

এক ব্যতিক্ৰমী কাৰ্যসূচীৰে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে এগৰাকী প্ৰকৃতি প্ৰেমী যুৱকে। খোজ কাঢ়ি গছপুলি ৰোপণ কৰি স্বাধীনতা দিৱসৰ দিনা ৰাইজক প্ৰকৃতি সংৰক্ষণৰ আহ্বান জনালে প্ৰকৃতি প্ৰেমী যুৱক গৰাকীয়ে।

শনিবাৰে দেশজুৰি উদযাপন কৰা ৭৪ সংখ্যক স্বাধীনতা দিৱস। কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ বাবে এইবাৰ পূৰ্বৰ দৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী পৰিলক্ষিত নহ’ল যদিও এগৰাকী প্ৰকৃতি প্ৰেমী যুৱকে এক ব্যতিক্ৰমী কাৰ্যসূচীৰে উদযাপন কৰিলে স্বাধীনতা দিৱস। পৰিৱেশ ৰক্ষাৰ উদ্দেশ্যেৰে “প্ৰকৃতি বন্ধু” হিচাপে পৰিচিত পশ্চিম দৰঙৰ যুৱক গৌৰীশংকৰ কলিতাই জিলখনৰ বুঢ়া আৰক্ষী চকীৰ পৰা খোজকাঢ়ি মঙলদৈ আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়লৈ যাত্ৰা কৰে।

যাত্ৰাৰ সময়ত প্ৰকৃতি প্ৰেমী যুৱক গৰাকীয়ে দৰঙ জিলাৰ বিভিন্ন প্ৰান্তত গছপুলি ৰোপণ কৰি ৰাইজক প্ৰকৃতি সংৰক্ষণৰ বাবে আহ্বান জনায়। বুঢ়া আৰক্ষী চকীৰ পৰা যাত্ৰা আৰম্ভ কৰি যুৱক গৰাকী প্ৰথমে পাথৰিঘাট আৰক্ষী চকীত উপস্থিত হৈ গছপুলি ৰোপণ কৰে। পথৰুঘাট অঞ্চলৰ ঐক-সংঘতি, সাহিত্য-সংস্কৃতিৰ সামাজিক অনুষ্ঠান দ্বীগজ ঐক্য মঞ্চ, পথৰুঘাটতৰ তৰফৰ পৰা প্ৰকৃতিপ্ৰেমী যুৱক গৌৰীশংকৰ কলিতাক দ্বীগজ ঐক্য মঞ্চৰ প্ৰতিক সম্বলিত গামোছা পিন্ধাই সম্বৰ্ধনা জনোৱা হয়।

পথৰুঘাটত ইংৰাজৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ইংৰাজৰ গুলী বুকু পাটি লৈ শ্বহীদ বৰণ কৰা সাতকুৰি স্বহীদৰ স্মৃতিত পুস্পাজ্ঞলি অৰ্পণ কৰি স্বহীদ বাকৰিতো গছপুলি ৰোপণ কৰে গৌৰীশংকৰ কলিতাই। দ্বীগজ ঐক্য মঞ্চৰ উপদেষ্টা তথা শিক্ষক চাহাবুদ্দিন আহমেদ, স্কাউট গাইডৰ প্ৰশিক্ষক শিশিৰ শৰ্মা, প্ৰাক্তন বেংক বিষয়া আধ্যাত্মিক শৰ্মা, দ্বীগজ ঐক্য মঞ্চৰ সভাপতি কণ আলি হাজৰিকা, মঞ্চৰ সহকাৰি সম্পাদক ৰাহুল হাজৰিকা, প্ৰচাৰ সম্পাদক জিতুমণি ভূঞা, বিশিষ্ট ব্যৱসায়িক তথা সমাজ কৰ্মী কৰমেশ্বৰ ভূঞাক গৌৰীশংকৰ কলিতাই একোটাকৈ গছপুলি প্ৰদান কৰে।

উল্লেখযোগ্য যে কেইমাহমান পূৰ্বে প্ৰকৃতি প্ৰেমী যুৱক গৌৰীশংকৰ কলিতাই পৰিৱেশ ৰক্ষাৰ বাবে অসমৰ পৰা দিল্লীলৈ পদব্ৰজে যাত্ৰা কৰিছিল। শনিবাৰে প্ৰেমী যুৱক গৌৰীশংকৰ কলিতা দৰঙ জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয়লৈ পদব্ৰজে উপস্থিত হৈ গছপুলি ৰোপন কৰি ব্যতিক্ৰমী কাৰ্যসূচীৰে দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে।