গোলাঘাটৰ পৰা আহমেদ হুছেইন, ৫ জানুৱাৰী: শদিয়া পৰা ধুবুৰীলৈ যিজন শিল্পীৰ সুৰীয়া জিকিৰে শংকাৰ আজানৰ দেশত ঐক্য সম্প্ৰীতি আৰু একতাৰ সৃষ্টি সাজিছিল সেইজন জিকিৰ শিল্পী প্ৰয়াত ৰেকিবুদ্দিন আহমেদৰ সোঁৱৰণি সভাৰ আয়োজন কৰিছে গোলাঘাটৰ বাতিপৰীয়া অঞ্চলৰ নোবাদয় যুৱক সংঘৰ সৌজনৰ ৰাইজে। অহা ৭ জানুৱাৰীত এটি দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই সভাত অবিভক্ত শিৱসাগৰ জিলা ভিক্তিত এলানি জিকিৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আয়োজক সমিতিৰ প্ৰচাৰ সম্পাদক মফজোল হক আৰু সভাপতি ইক্ৰাম হুছেইনে জানিবলৈ দিয়া মতে জিকিৰ প্ৰতিযোগিতাৰ সংগত ৰাখি স্থানীয় ছাত্ৰ ছাত্ৰী মাজত চিত্র অংকন প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতাৰ আয়োজন কৰা হব। লগতে অধিক তথ্যৰ বাবে প্ৰতিযোগী সকলক বিভাগৰ সম্পাদক আৰিফুৰ ৰহমান আৰু ইক্ৰাম হুছেইনক যোগাযোগ কৰিবলৈ আয়োজকসকলে অনুৰোধ জনাইছে। এই উপলক্ষে ৭ জানুৱাৰীত সন্ধিয়া ৬ বজাৰ পৰা এক সংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হব বুলি আয়োজকসকলে জানিবলৈ দিছে।