ৰঙিয়া, ৫ জানুৱাৰী: ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই শুক্ৰবাৰে দুই দুৰ্ধৰ্ষ ডকাইতক আটক কৰে। এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে দুই দুৰ্ধৰ্ষ ডকাইত ক্ৰমে আব্দুল মোন্নাফ ওৰফে ৰাজা আৰু ৰাজকুমাৰ সিঙক আটক কৰে। ধৃত ডকাইত দুজনে ৰঙিয়াত ডকাইতিৰ পৰিকল্পনা কৰাৰ মুহূৰ্তত আৰক্ষীয়ে আটক কৰে বুলি জনাবলৈ দিয়ে। আটক হোৱা ডকাইত দুটাৰ ৰাজা নামৰ ডকাইতজনে পূৰ্বেও বিভিন্ন চুৰি ডকাইতিৰ ঘটনাত জড়িত আছিল আৰু কেইবাবাৰো জেল খাতিব লগীয়া হৈছিল। আৰক্ষীয়ে আটক কৰা ডকাইত দুটাক জেৰা কৰি আন সহযোগী সকলক আটক কৰাৰ বাবে অভিযান চলাই আছে।