শিমলুগুৰি, ১ ডিচেম্বৰ: নাজিৰা মহকুমা অন্তৰ্গত চেলেংপথাৰৰ ব্ৰীজ অফ হ’প এ চাইল্ড কেয়াৰ প্ৰজেক্ট অফ বিলিভাৰ্ছ চাৰ্চ নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত ১ ডিচেম্বৰ তাৰিখে অঞ্চলৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলক লৈ এইডছ্ সজাগতা শীৰ্ষক এক শোভাযাত্ৰা উলিয়ায়। লগতে এখন সভাও অনুষ্ঠিত কৰি এইডছ্ ক প্ৰতিৰোধ কৰাৰ বিষয়ত সজাগতামূলক বক্তব্য আগবঢ়াই নাজিৰা অধিবক্তা পংকজ মহন্তই। উক্ত সংগঠনটোৱে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ মাজত বিনামূলীয়াকৈ ভিটামিন ‘এ’ আৰু পেলু দৰৱ বিতৰণ কৰে।কাৰ্যসূচীত ৰাইজৰ অংশগ্ৰহণ যথেষ্ট উৎসাহজনক আছিল।