গুৱাহাটী

২৬ ছেপ্টেম্বৰ

বিদ্যুৎস্পৃষ্ট হৈ দুই বন্যহস্তীৰ কৰুণ মৃত্যু। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি কৰুণ মৃত্যুক সাৱতিলে দুই বন্যহস্তীয়ে। বাঁহ গছ খাই থাকোতে সংঘটিত হয় এই ঘটনা।

মহানগৰী গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ বাকাৰাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ দুই বন্যহস্তীয়ে কৰুণ মৃত্যুক সাৱতিব লগা হ’ল। খাদ্যৰ সন্ধানত বন্যহস্তী দুটা বনাঞ্চলৰ মাজৰ পৰা জনাঞ্চললৈ ওলাই আহি বাঁহ গছ খাই থাকোতে বাঁহৰ গছ বিদ্যুৎ প্ৰবাহিত তাৰত লাগি ধৰাত বন্যহস্তী দুটা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱতিব লগীয়া হয়। স্থানীয় লোকে বিদ্যুৎস্পৃষ্ট হৈ দুটাকৈ বন্যহস্তীৰ মৃত্যু হোৱাৰ খবৰ বন বিভাগক দিয়াত ৰাণী বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ মৃত বন্যহস্তী দুটাৰ মৰোনত্তোৰ পৰীক্ষাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহন কৰিছে। বন বিভাগৰ লোকে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বন্যহস্তী দুটাৰ মাজৰ মতা বন্যহস্তীটোৰ বয়স প্ৰায় ৪০ বছৰ আৰু মাইকী বন্যহস্তীটোৰ বয়স ৩০ বছৰ মান হ’ব বুলি অৱগত কৰে।

উল্লেখ্য যে মহানগৰীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ বিভিন্ন অঞ্চলত প্ৰায়ে বন্যহস্তীৰ জাক ৰাণী সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই আহে। বিভিন্ন সময়ত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি বন্যহস্তীৰ জাকে পথাৰৰ ধান খাই তহিলং কৰাৰ লগতে মানুহৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰাও পৰিলক্ষিত হয়।