কিয়া তুমহে য়েকিন হে? এই টেগলাইনৰ সৈতে মুকলি হ’ল বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ বহু অপেক্ষিত ছবি টিউবলাইটৰ পোষ্টাৰ। পোষ্টাৰখনত লিখা টেগলাইনে ছবিখনৰ কাহিনীক লৈ দৰ্শকৰ মাজত কৌতুহলৰ সৃষ্টি কৰিছে। পোষ্টাৰখনত চুপাৰষ্টাৰ গৰাকীক জেকেট আৰু টুপী পৰিধান কৰি কান্ধত বেগ ওলোমাই থকা দেখা গৈছে।পোষ্টাৰত ছলমানৰ মুখমণ্ডল দেখুৱা হোৱা নাই যদিও অভিনেতাজনৰ পৰিধানে দৰ্শকক আকৰ্ষণ কৰিব বুলি ক’ব পাৰি। ঈদৰ সময়ত মুক্তি পাবলগীয়া এই ছবিখন ১৯৬০ চনৰ ভাৰত-চীন যুদ্ধৰ পটভূমিত নিৰ্মান কৰা হৈছে। ছবিখনত ছলমান বিপৰীতে চীনা অভিনেত্ৰী হুহুয়ে অভিনয় কৰিছে। উল্লেখযোগ্য যে এই ছবিখনত ছলমানৰ লগত দেখিবলৈ পোৱা যাব অৰুণাচল প্ৰদেশৰ শিশু শিল্পী মাৰ্টীন ৰে টাংগুক। কবীৰ খানৰ নিৰ্দেশনাত নিৰ্মিত এই ছবিখন মুক্তি পোৱাৰ পূৰ্বেই বিশেষ চৰ্চ্চা লাভ কৰিছে। ছলমান আৰু কবীৰৰ এয়া তৃতীয়খন ছবি। ইয়াৰ পূৰ্বে এই যুটীয়ে এক থা টাইগাৰ আৰু বজৰংগী ভাইজানৰ দৰে চুপাৰহিট ছবি নিৰ্মাণ কৰিছে।