বটদ্ৰৱা পৰা নজৰুল ইছলাম ৰিপৰ্ট, সংবাদ ৩৬৫, ৮ জানুৱাৰী: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিলখন সদনত উত্থাপন হোৱাৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি অসমৰ জাতীয় সংগঠন সমূহে আহ্বান জনোৱা ১১ ঘন্টীয়া অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ বৃহত্তৰ টুকটুকী অঞ্চলতো পৰিলক্ষিত হয়। মংগলবাৰে পুৱা ৫ বজাৰ পৰা সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ টুকটুকী আঞ্চলিক সমিতি আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কটহগুৰি আঞ্চলিক সমিতিৰ সদস্য সকলে বন্ধৰ সমৰ্থনত ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয়। বন্ধৰ সময়ত অঞ্চলটোৰ কতো কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংগঠিত হোৱাৰ বাতৰি অহা নাই। মংগলবাৰৰ বন্ধ আছিল ৰাইজৰ স্বত:স্ফুত সমৰ্থন। ইপিনে বেচামাৰী, বালিজান,বৰিবজাৰ, আলিটাঙনী, কদমনি, জামতল, শান্তিজান বজাৰ, বাৰুআটি আদিতো বন্ধৰ প্ৰভাৱ আছিল সৰ্বাত্মক।