সোণাৰিৰ পৰা সুৰেণ বুঢ়াগোহাঁই, সংবাদ ৩৬৫, ৮ জানুৱাৰী: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত আছু সহ ৩০ টা সংগঠনে আহ্বান কৰা উত্তৰপূৱ বন্ধলৈ ৭০ সংগঠনে সমৰ্থন জনোৱাৰ পিছত মংগলবাৰে ৰাজ্যখনত অসম বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাতো বন্ধৰ প্ৰভাৱ পৰিলক্ষিত হৈছে । শাষণাধিষ্ঠ চৰকাৰৰ শক্তি (স্বতন্ত্ৰ) মন্ত্ৰী, গড়কাপ্তানি (ৰাজ্যিক) মন্ত্ৰী তথা ১০৬ নং সোণাৰি সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈৰ বাসগৃহৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত যোৱা এটা দলে বিভিন্ন শ্লোগানেৰে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয় ।