বটদ্ৰৱা, সংবাদ ৩৬৫, ২৯ অক্টোবৰ: কটহগুৰি বজাৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত আৰু টুকটুকী চান লাইট ক্লাবৰ সহযোগত দেওবাৰে  চূড়ান্ত কাবাডী খেলখন শিলপুখুৰী বিল্লাল মিলি জুলি ক্লাৱ আৰু কটহগুৰি বজাৰ তামূলী টাইগাৰ ক্লাবৰ মাজত অনুষ্ঠিত হয়। উক্ত খেলখনত কটহগুৰি বজাৰ তামূলী টাইগাৰ ক্লাব বিজয়ী হয়। আৰু বিজয়ী দলক এহাল হাল গৰু আৰু নগদ ৮০০০/- হেজাৰ টকাৰে পূৰস্কিত কৰে। আৰু শিলপুখুৰী বিল্লাল মিলি জুলি ক্লাবে ৰানাৰ্ছআপৰ খিতাপ দখল কৰে ৷ৰানাৰ্ছআপ দলক নগদ ২০০০/- হেজাৰ টকা আৰু এটা খাহী ছাগলী প্ৰদান কৰে। উক্ত খেলখনত বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি সকল উপস্থিত আছিল। খেল পৰিচালনা সমিতিৰ সভাপতি আবু হানিফ আৰু সম্পাদক তথা নগাওঁ জিলা আমছুৰ উপ সভাপতি আবুল হুছেইনে বঁটা বিতৰণ কৰে। সভাত উপস্থিত থাকে কমে ধিং থানৰ সহকাৰী ভাৰপ্ৰাপ্ত বিষয়া ভূপেন বৰা, আহোম গাওঁ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আব্দুল জব্বাৰ, ডাঃ মানিক উজ জামান, ৰাইহান চৌধুৰী প্ৰাক্তন সভাপতি , জুলফিকৰ হক চৌধুৰী কংগ্ৰেছ কৰ্মী, শ্বহীদুল ইছলাম ,আমিনুল ইছলাম, মইনুল হক। লগতে উপস্থিত থাকে টুকটুকী প্ৰেছ ক্লাবৰ মূখ্য উপদেষ্টা নিতুমনি গোস্বামী, টুকটুকী প্ৰেছ ক্লাবৰ সভাপতি জালাল উদ্দিন আহমেদ ৷