কলগাছিয়া, সংবাদ ৩৬৫, ২ ডিচেম্বৰ: বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বৰভিটা বজাৰত বুধবাৰে পুৱতি নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডত ৩০ খনৰো অধিক দোকান ভস্মীভূত হয়। কিহৰ কাৰণে এই অগ্নিকাণ্ড সংঘটিত হৈছে বৰ্তমানেও ইয়াৰ কাৰণ জানিব পৰা হোৱা নাই যদিও এই অগ্নিকাণ্ডত প্ৰায় ১.৫ কোটি টকাৰ সা-সামগ্ৰী ভস্মীভূত হৈছে। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় যদিও অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি পোৱাৰ পূর্বেই সকলো পুৰি চাই হৈ যা