সোণাপুৰ

২৭ চেপ্তেম্বৰ

ডিমৰীয়া আছুৰ কাৰ্যালয়ত চুৰিকাণ্ড। সোণাপুৰ থানাৰ এশ মিটাৰ নিলগত থকা আছুৰ কার্যলায়ত চুৰিকাণ্ড। ডিমৰীয়াত অপৰাধমূলক ঘটনা ৰোধৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ আৰক্ষী।

এটাৰ পিছত আন এটা বিতৰ্কত সাঙোৰ খাই পৰিছে সোণাপুৰ আৰক্ষী। সোণাপুৰ থানাৰ পৰা এশ মিটাৰ নিলগত থকা ডিমৰীয়া আছুৰ মুখ্য কাৰ্যালয়ত শনিবাৰে নিশা সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। চোৰে আছুৰ কার্যলায়ৰ ভেণ্টিলেচনেৰে প্ৰৱেশ কৰি কাৰ্যালয়টোত থকা টিভি আৰু ইনভাৰটাৰৰ বেটাৰি চুৰ কৰি লৈ যায়। দেওবাৰে পুৱাৰ ভাগত চাফাই কৰ্মীয়ে তলা খুলি প্ৰৱেশ কৰোতে টিভিটো যথাস্থানত দেখা নাপাই সাধাৰণ সম্পাদক পৰাগ বৰুৱাক অৱগত কৰে। সম্পাদক গৰাকী কিছুসময় পাছতে কাৰ্যালয়ত উপস্থিত হৈ সামগ্ৰী চুৰ হোৱাটো নিশ্চিত কৰি আন কৰ্মকৰ্তাসকলক অৱগত কৰে। ইতিমধ্যে ছাত্ৰ সন্থাই সোণাপুৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।আনহাতে সোণাপুৰ আৰক্ষী থানাৰ সন্মুখতে চনু কমিউনিকেচন নামৰ এখন মোবাইল ফোনৰ দোকানতো চোৰে লুটপাত চলাই অৰ্ধ লক্ষাধিক টকাৰ সামগ্ৰী চুৰ কৰি লৈ যায়।

উল্লেখ্য যে সোণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এলেকাত আৰক্ষীৰ ব্যৰ্থতাৰ সুযোগ গ্ৰহণ কৰি চোৰে ব্যাপক লুটপাত চলাই আহিছে। আৰক্ষীয়ে চোৰ গ্ৰেপ্তাৰ কৰিব নোৱাৰাৰ সুবাদতে ক্ৰমাগতভাৱে অঞ্চলটোত বৃদ্ধি পাইছে চোৰৰ উপদ্ৰব। নৈশ তহলৰ দায়িত্বত থকা আৰক্ষী বিষয়াই ৰাজপথত নিশা চলাচল কৰা ট্ৰাক, মেক্স আদি গাড়ীৰ পৰা অবৈধ ধন সংগ্ৰহত লিপ্ত থকা বাবেই এনে ঘটনাৰ সঘনাই পুনৰাবৃত্তি হোৱাৰ অভিযোগ উঠিছে। ছাত্ৰ সন্থাই সোণাপুৰ আৰক্ষীক অনতিপলমে তদন্ত কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে।