আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

২৭ ছেপ্টেম্বৰ

শিৱসাগৰৰ তিনিটাকৈ মাছজিদত চলিল চোৰৰ চাফাই অভিযান। আৰক্ষীৰ নাকৰ তলতে চুৰে তলা ভাঙিলে তিনিটাকৈ মাছজিদৰ। লুটি নিলে দান পাত্ৰৰ ধন।

শিৱসাগৰত একেলগে চোৰে হাত দিলে তিনিটাকৈ ধৰ্মীয় অনুষ্ঠানত। শিৱসাগৰ সদৰ থানাৰ পৰা মাত্ৰ ৫০০ মিটাৰ দূৰত্বত থকা শিৱসাগৰ চহৰৰ মাজমজিয়াৰ বাবুপট্টিৰ জুম্মা মছজিদ, ন-মছজিদ আৰু বেপাৰীপট্টী মছজিদত শনিবাৰে নিশা চুৰে চলালে লুটপাত। নিশা চোৰৰ দল এটাই মছজিদ তিনিটাৰ তলা ভাঙি মছজিদৰ দান পাত্ৰৰ পৰা লৈ যায় সংগৃহীত ধন। তাৎপৰ্য বিষয় যে, শিৱসাগৰ নগৰৰ মাজমজিয়াত ৰাতি আৰক্ষীৰ তহলদাৰী বিভাগ থকাৰ পাছতো ইমান সাহসেৰে ৰাস্তাৰ কাষৰ তিনিটাকৈ মছজিদত চোৰে চুৰ কৰিবলৈ সক্ষম হোৱাত শিৱসাগৰ আৰক্ষী ফোঁপোলা স্বৰূপ উলাই পৰিছে। শিৱসাগৰৰ ধৰ্মীয় অনুষ্ঠানত চুৰি কাৰ্য সংঘটিত হোৱা এইয়া নতুন ঘটনা নহয়। শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা বিভিন্ন মঠ-মন্দিৰ, নামঘৰ, মছজিদত প্ৰায়ে চুৰিকাণ্ড সংঘটিত হোৱা পৰিলক্ষিত হৈছে।

শিৱসাগৰত একেলগে তিনিটাকৈ মছজিদত চুৰিকাণ্ড সংঘটিত হোৱা ঘটনাই শিৱসাগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইফালে আৰক্ষীৰ ভূমিকাকলৈও ৰাইজৰ মাজত সৰৱ আলোচনা হোৱা পৰিলক্ষিত হৈছে।