গোসাইগাঁও, সংবাদ ৩৬৫, ৮ ছেপ্তেম্বৰ : গোসাইগাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত হাতীধূৰাৰ পৰা তামাৰহাট লৈ যোৱা ধুবুৰী গোসাইগাওঁ সংযোগী একমাত্ৰ গড়কপ্তানী পথটো তামাৰহাটৰ পৰা গোসাইগাওঁ লৈ, গোসাইগাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত, আনহাতে তামাৰহাটৰ পৰা বালাজানলৈ গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত পথটো কুৰি বছৰ ধৰি জৰাজীৰ্ন অৱস্হাত চলি আছে । গোসাইগাওঁ বিধানসভা সমষ্টিৰ অন্তৰ্গত তামাৰহাট অঞ্চলটো বিটিচি বহিৰ্ভুত হোৱা বাবে বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে একেৰাহে পোন্ধৰ বছৰ ধৰি বিধায়ক হোৱা সত্বেও গুৰুত্বপূৰ্ণ গড়কপ্তানী পথটোত কোনো চকু দিয়া নাই । ফলত যাতায়তৰ ক্ষেত্ৰত ৰাইজে জমৰ যাতনা ভুগিব লগা হৈছে । হাট বজাৰ , স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী চৰকাৰী কাৰ্য্যালয় আদি ঠাইলৈ যাওঁতে পথত বিভিন্ন দুৰ্ঘটনা হোৱা পৰিলক্ষিত হয়। ফলত স্হানীয় ৰাইজৰ আহ্বানত বিশিষ্ট সমাজ সেৱক তথা স্বজল ফাউণ্ডেশ্বনৰ মূখ্য পৰিচালনা সঞ্চালক স্বজল সিংহই যাতায়ত ব্যৱস্থাত ৰাইজৰ বিলৈ দেখি তিনি লাখ টকা ব্যায় সাপেক্ষে তামাৰহাটৰ পৰা হাতীধূৰা লৈ দুই কিলোমিটাৰ পথ মেৰামতি কৰি দিয়ে । উল্লেখ্য যে যোৱা কিছু বছৰ ধৰি সজল ফাউণ্ডেচনে উক্ত পথছোৱা প্ৰতি পিছৰে মেৰামতি কৰি আহিছে যদিও স্থানীয় বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই । স্থানীয় বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে বিগত পোন্ধৰ বছৰৰ পৰা বিধায়ক হৈ থকা সত্বেও উক্ত অঞ্চলটো বি টি এ ডি ৰ বহিৰ্ভূত হোৱাৰ বাবে কোনো ধৰণৰ উন্নয়ন মূলক কাম কৰা নাই বুলি অভিযোগ উত্থাপিত কৰাৰ লগতে সজল ফাউণ্ডেচনৰ এনে পদক্ষেপক ধন্যবাদ জ্ঞাপন কৰিছে স্থানীয় ৰাইজে।