নগৰবেৰা, সংবাদ ৩৬৫, ৮ ছেপ্টেম্বৰ: শনিবাৰে নগৰবেৰাৰ জলজলী নৈৰ পাৰত একাংশ ৰাইজে দলং নিৰ্মাণৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। স্বাধীনতাৰ ৭২ বছৰ পাছতো নগৰবেৰাৰ জলজলী নৈৰ ওপৰত এখন দলং নোহোৱাত যুগ যুগ ধৰি বিপদসংকুল ভাৱে পাৰাপাৰ হৈ আহিছে অঞ্চলটোৰ অৰ্ধশতাধিক গাওৰ সৰ্বস্তৰৰ ৰাইজে। সেয়ে প্ৰতিশ্ৰুতিবদ্ধ চৰকাৰৰ ভূমিকাত অতিষ্ঠ হৈ শনিবাৰে জলজলী নৈৰ পাৰত নগৰবেৰা – ভখুৰাদিয়া ৰঙ্গেশ্বৰী সংযোগ কৰি জলজলী নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি প্ৰতিবাদকাৰী সকলে হাতে হাতে বেনাৰ ফেষ্টুন লৈ সৰ্বানন্দ সোনোৱাল মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, আমাক দলং লাগে আদি শ্লোগানেৰে জলজলীৰ পাৰ উত্তাল কৰি তোলে। অচিৰেই উক্ত স্থানত এখন দলং নিৰ্মাণ নকৰিলে আগন্তুক দিনত ভয়াৱহ আন্দোলন কাৰ্যসূচী লোৱাৰো হুংকাৰ প্ৰদান কৰে।