দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৭ ছেপ্টেম্বৰ: দক্ষিণ কামৰূপৰ গৰৈমাৰীত টপাৰ পথাৰ গাৱৰ আব্দুল মুন্নাফৰ ঘৰৰ ভিতৰত এখন মালবাহী ডি আই গাড়ীয়ে গুমী নগৰবেৰা ই এণ্ড ডি মথাউৰীৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। ফলত ঘৰৰ ভিতৰত থকা প্ৰায় দুই লক্ষাধিক টকাৰ সা-সামগ্ৰীৰ ক্ষতিসাধন হয়৷ ইফালে ঘৰৰ ভিতৰত থকা আব্দুল মান্নানৰ পুত্ৰ দেলুৱাৰ হুছেইন আৰু নজৰুল ইছলাম গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ৷ আহত দুই পুত্ৰক স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে ৷ ইফালে জোৰশিমুলী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ জে চি বিৰ সহায়ত গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।