তামুলপুৰ, সংবাদ ৩৬৫, ৮ অক্টোবৰ: ৰাজ্যত আৰু এগৰাকী অপ্ৰাদেশিকৃত বিদ্যালয়ৰ শিক্ষকৰ মৃত্যু হয়। বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ বতিয়ামাৰী এম ই স্কুলৰ হিন্দি বিষয়ৰ সহঃ শিক্ষক এগৰাকী সোমবাৰে মৃত্যুমুখত পৰে। কেবাদিন ধৰি কিডনীৰ সমস্যাত ভুগি অৰ্থৰ অভাৱত পৰি বিনা চিকিৎসাই মৃত্যুক সাৱতি লব লগা হয় শিক্ষক গৰাকীয়ে। মৃত শিক্ষক জনৰ নাম কান্তেশ্বৰ বসুমতাৰী( ৫৩) ৷ বতিয়ামাৰী এম ই স্কুলৰ সহঃহিন্দি শিক্ষক গৰাকীৰ মৃত্যুত অঞ্চলজুৰী শোকৰ ছা পৰে ৷ শিক্ষক গৰাকীয়ে ১৯৯০ চনৰ পৰা প্ৰতিষ্ঠাপক হিন্দি শিক্ষক হিচাবে কাৰ্যনিৰ্বাহ কৰি আহিছিল ৷ সুদীৰ্ঘ ২৮ বছৰে বিনা বেতনে শিক্ষকতা কৰি সোমবাৰে অকাল মৃত্যুক সাবতি লব লগা হোৱাত দৰিদ্ৰ পৰিয়ালটোৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ পৰিয়ালৰ মুৰব্বী গৰাকীৰ অকাল বিয়োগত এতিয়া পৰিয়ালটোৱে চৌদিশে দেখিছে অন্ধকাৰ ৷ সোমবাৰে ৰাতিপুৱা শিক্ষক গৰাকীৰ মৃতদেহ কলবাৰী গাৱৰ ঘৰত অনাৰ পিছত ঘৰখনত এক বুজাব নোৱাৰা পৰিবেশে বিৰাজ কৰে ৷ শিক্ষক গৰাকীৰ কৰ্মথলী বতিয়ামাৰী এম ই স্কুললৈ আনি বিদ্যালয় খনৰ শিক্ষক শিক্ষয়িত্ৰী অভিভাৱক আৰু ছাত্ৰ ছাত্ৰী সকলে শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ উল্লেখ্য যে বৃক্কৰ ৰোগত আক্ৰান্ত শিক্ষক গৰাকী অৰ্থৰ অভাৱত স্থানীয় চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰি আছিল যদিও শেহতীয়াকৈ তেও গুৰুতৰ ভাবে অসুস্থ হৈ পৰে ৷ বিগত দুদিন তেওৰ শৌচ-পেচাৱ বন্ধ হৈ পৰাত দেওবাৰে সংকটজনক অৱস্থাত গুৱাহাটীস্ত জি,এন,আৰ,চিত ভৰ্তী কৰায় যদিও নিশাই তেওৰ মৃত্যু ঘটে ৷ ভবিষ্যতে যাতে আন কোনেও বিনা বেতনে কৰ্মৰত অৱস্থাত মৃত্যু বৰন কৰিব নালাগে তাৰবাবে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী তথা স্থানীয় সচেতন ৰাইজে ভেনচাৰ বিদ্যালয় সমুহ অতিশীঘ্ৰে প্ৰাদেশীকৰনৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৷