তামুলপুৰ, সংবাদ ৩৬৫, ৮ অক্টোবৰ: ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীত কৰন প্ৰক্ৰিয়াত ষড়যন্ত্ৰমূলক ভাৱে বিভিন্ন অজুহাতত প্ৰকৃত ভাৰতীয় হিন্দু বাঙালী সলক বিদেশী সজোৱাৰ কু চক্ৰান্ত কৰাৰ অভিযোগ তুলি এই কু চক্ৰান্ত বন্ধ কৰাৰ লগতে এনে গাফিলতিৰ বাবে দায়ী বিষয়া সকলক শাস্তি প্ৰদান কৰা। আৰু এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত পাচবিধ নথি বাতিল কৰাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ বিৰুদ্ধে ডি ভোটাৰ বাতিল কৰা শৰনাৰ্থী শিবিৰত থকা হিন্দু বাঙালী সকলক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত সোমবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন বাক্সা জিলা সমিতিৰ  উদ্যোগত এক তিনি ঘন্টীয়া গন ধৰ্না কাৰ্যসূচী পালন কৰা হয় ৷ গন ধৰ্না কাৰ্যসূচী ৰ শুভ উদ্বোধন কৰে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ উপদেষ্টা সুশীল দাসে ৷ উক্ত কাৰ্যসূচীত অংশ গ্ৰহন কৰি অসম প্ৰদেশ কংগ্ৰেছ দলৰ সভাপতি ৰিপুন বৰাই কয় যে এন আৰ চিৰ চূড়ান্ত খচৰাৰ তালিকাৰ পৰা অসমৰ চল্লিশ লাখ লোকৰ নাম বাদ পৰি যায় ৷ কিন্ত এই চল্লিশ লাখৰ ভিতৰত প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম কোনো কাৰনতে বাদ পৰিব নোৱাৰিব ৷ তাৰ বাবে কংগ্ৰেছ দলে চোকা দৃষ্টি ৰাখিব বুলি কয় ৷ এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত যি পাঁচবিধ নথি বাতিল কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে সেই নথি পাঁচবিধ অন্তৰ্ভুক্ত কৰাৰ দাবী জনাইছে সংগঠনটোৱে। আনহাতে বি জে পি দলে এন আৰ চিক লৈ মেৰুকৰনৰ ৰাজনীতি আৰম্ভ কৰিছে বুলি কংগ্ৰেছ দলৰ সভাপতি গৰাকীয়ে অভিযোগ কৰে ৷ গন ধৰ্নাত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সভাপতি দিপক দেই অংশ গ্ৰহন কৰি কয় যে এন আৰ চিৰ সমস্যাটো অকল বাঙালীৰে সমস্যা নহয় ৷ সকলো জাতিজনগোষ্ঠীৰে সমস্যা সেয়ে আমি সকলো জাতি জনগোষ্ঠীৰ সপক্ষে মাত মাতি যাম ৷ গনধৰ্না থলীত হেজাৰ হেজাৰ প্ৰতিবাদকাৰীয়ে হাতত বেনাৰ প্লেকাৰ্ড আদি লৈ আমাৰ দাবী ন্যায্য দাবী , বাঙালী বিৰোধি চক্ৰ হুচিয়াৰ, ডি ভোটাৰৰ নামত হাৰাশাস্তি নচলিব, ডিটেনশ্চন কেম্পত থকা শৰনাৰ্থী সকলক বিনা চৰ্তে মুক্তি দিয়ক , হিন্দু বাঙালীৰ ওপৰত অত্যাচাৰ নচলিব, অসম চৰকাৰ হায় হায়, বাঙালী ঐক্য জিন্দাবাদ, অমিত শ্বাহ গ বেক, সোনোৱাল চৰকাৰ মুৰ্দাবাদ আদি শ্লোগানেৰে তামুলপুৰৰ আকাশ বতাহ কপাই তোলে ৷ গন ধৰ্নাত লোক সভাৰ সাংসদ নৱ কুমাৰ শৰনীয়া, কংগ্ৰেছ নেতা দুৰ্গাদাস বড়ো, শব্দ ৰাভা, বি পি এফৰ নেতা তথা বিধায়ক ইমানুৱেল মছাহাৰী বি টি চিৰ কাৰ্যবাহী সদস্য দেবেন বড়ো, বিজেপি দলৰ এম চি এল এ ধৰ্ম নাৰায়ন দাস , বাক্সা জিলা এবছুৰ সভাপতি সুনীল সুজু বসুমতাৰী, তামুলপুৰ জিলা এবি এমছুৰ সভাপতি টাইছন হুছেইন, পিপলচ জইন্ট এক্সন কমিটিৰ নেতা গংগাধৰ ৰামচিয়াৰী প্ৰমুখ্যে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নেতা কৰ্মী সকল উপস্থিত থাকে ৷