তামুলপুৰ,সংবাদ ৩৬৫, ৮ অক্টোবৰ: বাক্সা জিলাৰ তামুলপুৰ থানাৰ অন্তৰ্গত ৰঙিয়া-ভূটান আন্ত:ৰাষ্ট্ৰীয় ঘাইপথৰ বৰখোপা এম ই এছ চ’ক আৰু তামুলপুৰ পুৰন চকত দুটাকৈ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ গেৰুৱৰা গাঁৱৰ জাকিৰ হুছেইন(৪০) বেলবাৰীৰ কলমেশ পাটগিৰি ( ২২) ৰাহুল পাটগিৰি আৰু দ্বাৰকুছিৰ নয়নজ্যোতি ব্ৰহ্ম (১৯) ৰ গুৰুতৰ ভাৱে আহত হয় ৷ জানিব পৰা মতে সোমবাৰে আবেলি পৰত ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰে পালচাৰ বাইক এখনেৰে ৰঙিয়া অভিমুখে গৈ থকা অৱস্থাত বৰখোপাৰ এম ই এছ চকত তীব্ৰ বেগত বাইক চলাই নিয়ন্ত্ৰন হেৰুৱাই দুৰ্ঘটনাত পতিত হয় ৷ স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে৷ পিছত আৰক্ষীৰ সহযোগত ৰাইজে দুৰ্ঘটনাত পতিত হোৱা যুৱক কেইজনক উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ আনি প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ৷ আনহাতে তামুলপুৰৰ পুৰন চকত এ এছ ০১-বি ডব্লিউ ৭১২১ নংৰ পালচাৰ বাইকেৰে তামুলপুৰৰ পৰা কুমাৰীকাটালৈ গৈ থকাৰ অৱস্থাত নিয়ন্ত্ৰন হেৰুৱাই ৰঙিয়া-ভূটান আন্ত-ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দুৰ্ঘটনাত পতিত হয় ৷ আটাইকেইজন দূৰ্ঘটনাত পতিত যুৱকক তামুলপুৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি সংকটজনক অৱস্থাত থকা বাবে গুৱাহাটী মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰন কৰা হয় ৷