বৰপেটা, সংবাদ ৩৬৫, ৮ অক্টোবৰ: বৰপেটা জিলাৰ বাঘবৰ বজাৰত ব্যৱসায়ীৰ পৰা ধন দাবী কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় দুই প্ৰবঞ্চকৰূপী যুৱক। ধৃত প্ৰবঞ্চক দ্বয় ক্ৰমে বৰপেটাৰ কয়াকুছি গাৱৰ ৰাহুল আমিন ( ২৭ ), ১ নং চাছৰাৰ ৰহিম বাদশা ( ২৬ )। এজাহাৰত উল্লেখ্য কৰা মতে দেওবাৰে বিয়লি বাঘবৰ বজাৰত সোমাই অচিনাকী ৮/৯ জনীয়া এটি যুৱকৰ দলে ব্যৱসায়ীৰ পৰা বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ লগতে দিয়ে নানা ধৰণৰ ভাবুকি। স্থানীয় ৰাইজৰ তৎপৰতাত দুই যুৱকক হাতে লুটে ধৰি বাঘবৰ আৰক্ষীক চমজাই দিয়ে। আৰু লগতে বাকী কেইজন যুৱক ঘটনাস্থলীৰ পৰা পলায়ণ কৰে । যুৱক কেইজনে গাড়ীৰ সন্মুখত সদৌ অসম ঐক্যবদ্ধ গণতান্ত্ৰিক ছাত্ৰ সন্থা নামৰ সংগঠনৰ বেনাৰ লৈ আহিছিল । ঘটনা সন্দৰ্ভত সংগঠনটোৰ ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ কৰ্মীয়ে কয় যে , ৰহিম বাদশাহ নামৰ যুৱক জনক সংগঠনত থাকি অনৈতিক কাৰ্য কলাপ আৰু দুৰ্নীতি কৰাৰ অভিযোগত তেওঁক পূৰ্বেই সংগঠনৰ পৰা ওলাই দিয়া হয় বুলি কয় । তেওঁ বৰ্তমান সংগঠনৰ কোনো কৰ্মী নহয় বুলি স্পষ্ট কৰে সংগঠটোৰ চিফ লোকেল এডভাইজৰ গৰাকীয়ে । ইতিমধ্যে ৰাইজৰ ফালৰ পৰা ঘটনা সন্দৰ্ভত বাঘবৰ থানাত ২৬১/১৮ গোচৰ ৰুজু হৈছে । দুগৰাকীক জেল হাজতলৈ প্ৰেৰণ কৰিছে বুলি আৰক্ষীয়ে জনায় । আৰক্ষীৰ সঠিক তদন্তৰ পিছতহে পোহৰলৈ আহিব ঘটনাৰ সঠিক আৰৰ কাহিনী।