তামুলপুৰ, সংবাদ ৩৬৫, ৫ জানুৱাৰী: অসমত বসবাস কৰা ছয় জনগোষ্ঠী ক্ৰমে কোচ ৰাজবংশী, টাই আহোম , চুতীয়া, মৰাণ, মটক আৰু চাহ জনগোষ্ঠীক কেন্দ্রীয় চৰকাৰে জনজাতিকৰণ কৰিবলৈ ওলোৱা প্ৰক্ৰিয়াৰ বিৰুদ্ধে শনিবাৰে উত্তাল হৈ পৰে তামুলপুৰ | জনজাতি সংগঠনৰ সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত শনিবাৰে তামুলপুৰ মহকুমাধিপতিৰ কাৰ্যালয় চৌহদত এক তিনি ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। ভাৰত চৰকাৰে শেহতীয়াভাবে ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ লোৱা প্ৰক্ৰিয়াৰ বিৰুদ্ধাচৰণ কৰি ৰূপায়ন কৰা এই কাৰ্যসূচীত প্ৰতিবাদকাৰী সকলে “অসম চৰকাৰ গো বেক, বিজেপি চৰকাৰ হুচিয়াৰ, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া বন্ধ কৰক, জনজাতিসকলক প্ৰাপ্য অধিকাৰ আদায় দিয়ক আদি শ্লোগানেৰে তামুলপুৰৰ আকাশ বতাহ উত্তাল কৰি তোলে । পুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত ভাৰতৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডীলৈ এখনি স্মাৰক পত্র প্ৰেৰণ কৰে ।