ডিগবৈৰ পৰা বিজয় সূত্রধৰ, ৬ জানুৱাৰীঃ ৰাজ্য চৰকাৰে শেহতীয়াকৈ চাহ শ্ৰমিকসকলৰ কল্যাণৰ বাবে ৰূপায়িত কৰা চাহ বাগিছা ধন মেলাই তুংগত আৰোহন কৰিছে তিনিচুকীয়া জিলাত৷ যোৱা ২ জানুৱাৰীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে তিনিচুকীয়াত উপস্থিত হৈ আচনিখন উদ্বোধন কৰাৰ পিছৰে পৰা চাহ বাগিছাৰ শ্ৰমিকসকলে ইয়াৰ সুবিধা লাভ কৰি উত্তফুল্লিত হৈ পৰা পৰিলক্ষিত হৈছে৷ তিনিচুকীয়া বিধানসভা সমষ্ঠিৰ বিধায়ক সঞ্জয় কিশানে শনিবাৰে তিনিচুকীয়াৰ তিনিখনকৈ চাহ বাগিছাৰ শ্ৰমিকৰ মাজত আচনিৰ ধন বিতৰণ কৰে৷ সেইমৰ্মে শুকানপুখুৰী চাহ বাগিছাৰ পুজা মণ্ডপত আজি দিনৰ ভাগত আয়োজিত এক সভাত শুকানপুখুৰী চাহ বাগিছাৰ ৪০৩ গৰাকী শ্ৰমিকৰ মাজত এই আচনিৰ ধন প্ৰদান কৰা হয়৷ সেউপুৰচাহ বাগিছাৰ ৫৩২ গৰাকী আৰু চোট টিংৰাইচাহ বাগিছাৰ ১১৪৭ গৰাকী শ্ৰমিকৰ মাজত এই আচনিৰ ধন বিতৰন কৰি বিধায়ক সঞ্জয় কিশানে বিজেপি দল আৰু বিধায়ক হিচাবে তেওঁ সদায়ে জনসাধাৰনৰ প্ৰতি দায়বদ্ধ বুলি মন্তব্য কৰাৰ লগতে আচনিখন ৰূপায়নৰ ক্ষেত্ৰত কোনোধৰনৰ দুৰ্নীতি গ্ৰহনযোগ্য নহব বুলি মতপোষন কৰে৷ ধন মেলাৰ এই অনুষ্ঠানত বিধায়ক সঞ্জয় কিশানৰ লগতে তিনিচুকীয়া জিলাৰ ৰাজহ চক্ৰ বিষয়া নন্দিতা ৰয় গোহাই উপস্থিত থাকে৷