ডিগবৈৰ পৰা বিজয় সূত্ৰধাৰ, ৬ জানুৱাৰী: চাহ শ্ৰমিকসকলৰ মজুৰি বৃদ্ধি কৰাৰ দাবীত ভাৰতীয় চাহ মজদূৰ সংঘৰ মাৰ্ঘেৰিটা শাখাই শনিবাৰে ডিগবৈৰ বগাপানীত অৱস্থিত বগাপানী চাহ বাগিচাত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী সাব্যস্ত কৰে। শনিবাৰে বিয়লি বাগিচাৰ কলঘৰৰ মুখ্য প্ৰৱেশ দুৱাৰত প্ৰতিবাদকাৰী সকলে এক উত্তেজিত পৰিস্থিতিৰ সৃষ্টি কৰে। সংঘটোৱে শ্ৰমিকৰ মজুৰি ৩৫০ তকালৈ বৃদ্ধি কৰাৰ লগতে উপ কৰ্মচাৰী সকলৰ বনাচ ৫ হাজাৰ টকা পৰ্য্যন্ত বৃদ্ধি কৰাৰ দাবী জনায়। ইয়াৰ লগতে প্ৰতিবাদকাৰী সকলে দেওবাৰৰ চুটিৰ মজুৰি আৰু অসম চাহ কোম্পানীৰ বাগিচাৰ সমস্যা সমাধানৰ লগতে বগীধলা বাগিচাৰ আউটলুক প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰে।