মানকাচৰ : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দ্বীপচৰত নাৱালিকাক ধৰ্ষণৰ অভিযোগ। গোচৰৰ পিছৰে পৰা পলায়ন কৰি আছে হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ধর্ষণৰ অভিযুক্ত ছাত্ৰ। গোচৰৰ তিনি মাহ উকলি যোৱাৰ পিছতো ৰহস্যজনক বাবে অভিযুক্ত ছাত্ৰজনক গ্ৰেপ্তাৰ কৰিবৱ পৰা নাই খাৰুৱাবান্ধা আৰক্ষীয়ে। অভিযুক্তৰ পৰা আৰক্ষীয়ে উৎকোচ লোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। ন্যায় বিচাৰি আৰক্ষীক আহ্বান জনাইছে জনাইছে ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দ্বীপচৰ বিএএছএফ কেম্পৰ নিচেই কাষতে থকা এটা পৰিয়ালৰ এগৰাকী নাবালিকা কিশোৰীক হাটশিঙিমাৰী মহাবিদ্যালয়ৰ ছাত্ৰ এজনে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুক্তভোগী নাবালিকা কিশোৰী গৰাকীৰ লগতে তেওঁৰ পৰিয়ালে কৰা অভিযোগ মতে, যোৱা ৩ ডিচেম্বৰ ২০২১ তাৰিখে দিনৰ ভাগতে ঘৰত কোনো নথকাৰ সুযোগ লৈ নাবালিকা কিশোৰী গৰাকীক দ্বীপচৰ গাঁৱৰে জলেমান সেখ নানৰ এগৰাকী ছাত্ৰই বলপূৰ্বকভাৱে কিশোৰী গৰাকীক ধৰ্ষণ কৰিছিল।

সেইদিনা ভুক্তভোগী কিশোৰী গৰাকীৰ পিতৃৰ আত্মীয় এগৰাকী মৃত্যু মুখত পৰা বাবে কিশোৰী গৰাকী আৰু কিশোৰী গৰাকীৰ ভাই বোৱাৰীক ঘৰতে ৰাখি পৰিয়ালৰ আন সদস্য সকল মৃত আত্মীয়ৰ ঘৰলৈ যায়। ইফালে ভাই বোৱাৰী গৰাকী আন এটা ঘৰত কাম কৰি থকা অৱস্থাত গাওঁখনৰে জলেমান সেখ নামৰ ছাত্ৰ গৰাকীয়ে ঘৰৰ প্ৰৱেশ কৰি কিশোৰী গৰাকীক এটা কোঠাত অকলে পাই বলপূৰ্বকভাৱে ধৰ্ষণ কৰে। হাতত ছুৰী লৈ কিশোৰী গৰাকীক চিঞৰ বাখৰ নকৰিবলৈ ভাবুকি দিয়াত কিশোৰী গৰাকী ধৰ্ষণৰ বলী হ’বলগীয়া হয় বুলি অভিযোগ উত্থাপন কৰে কিশোৰী গৰাকীয়ে। পৰৱৰ্তী সময়ত ছাত্ৰ গৰাকীৰ অভিভাৱকক বিষয়টো অৱগত কৰা হয় যদিও অভিযুক্ত ছাত্ৰ গৰাকীৰ পৰিয়ালে কোনো গুৰুত্ব নিদিয়াত যোৱা ১১ ডিচেম্বৰ তাৰিখে খাৰুৱাবান্ধা আৰক্ষী চকীত ভুক্তভোগী কিশোৰী গৰাকীৰ মাতৃয়ে এজাহাৰ দাখিল কৰ।

খাৰুৱাবান্ধা আৰক্ষীয়ে ৪৪৯/২১ নম্বৰত গোচৰটো পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে যদিও ৰহস্যজনকভাৱে গোচৰ পঞ্জীয়ন হোৱাৰ আজি তিনি মাহ উকলি যোৱাৰ পিছতো খাৰুৱাবান্ধা আৰক্ষীয়ে অভিযুক্ত ছাত্ৰ গৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। খাৰৱাবান্ধা আৰক্ষীয়ে অভিযুক্ত ছাত্ৰ গৰাকীৰ পৰিয়ালটোৰ পৰা উৎকোচ লোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে। ভুক্তভোগী পৰিয়ালটোৰ লগতে কিশোৰী গৰাকীয়ে আৰক্ষীৰ পৰা ন্যায় বিচাৰি অভিযুক্ত ছাত্ৰ গৰাকীক গ্ৰেপ্তাৰ কৰাৰ আহ্বান জনাইছে।