হাটশিঙিমাৰী : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ জিলা কৃষি বিভাগৰ কাৰ্যালয়ত জিলাখনৰ মুঠ ৩৮ টা মহিলা আত্মসহায়ক গোটক মচলা গুৰি কৰা মেচিন বিতৰণ কৰা হয়। অসম চৰকাৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ দ্বাৰা মহিলা সকলৰ সবলিকৰনৰ বাবে আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন আঁচনি হাতত লৈছে।

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান আৰু অসম কৃষি বিভাগৰ অধীনত আৰকেভিওৱাই আৰু বিজিআৰইআই আঁচনিৰ জৰিয়তে জিলাখনৰ মুঠ ৩৮ টা আত্মসহায়ক গোটক জিলা কৃষি বিভাগৰ কাৰ্যালয়ত ৰাজসাহায্যৰ মচলা গুৰি কৰা মেচিন বিতৰণ কৰা হয়। এই মচলা গুৰি কৰা মেচিন বিতৰণ অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকে জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া দুলাল দেৱনাথ।

এই কাৰ্যসূচীত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ জিলা প্ৰকল্প প্ৰবন্ধক ছৈয়দ মুফতি আলম, জিলা কৃষি বিষয়া ড০ মোজামমেল হক, জ্যেষ্ঠ কৃষি বিষয়া মইনুল হক আৰু ফেকামৰী আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী ছকিনা খাতুন উপস্থিত থাকি আত্মসহায়ক গোটক মেচিন সমূহ বিতৰণ কৰে। এই মেচিনৰ দ্বাৰা আত্মসহায়ক গোটৰ মহিলা সকলে ঘৰতে অতি কম খৰচত মচলা বনাই পেকেটিং কৰি বজাৰত বিক্ৰী কৰি স্বাৱলম্বী হ’ব পাৰিব বুলি জিলা কৃষি বিষয়া গৰাকীয়ে মত প্ৰকাশ কৰে।