সৰুপথাৰ, সংবাদ ৩৬৫, ২৫ আগষ্ট: নীপকোৱে দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ পানী এৰি দিয়াৰ ফলত ধনশিৰি মহকুমাৰ দৈয়াং পৰীয়া অঞ্চল সমূহত যি ভয়ংকৰ বানৰ পানীৰ সৃষ্টি হৈছিল, সেই বানত হেৰহেৰি গাঁৱৰ ৰাইজৰো ঘৰ দুৱাৰ, কৃষি পথাৰৰ বিস্তৰ ক্ষতি সাধন হৈছিল। ধংস কৰি পেলাইছিল শ শ বিঘা মাটিৰ শস্য । তাৰ পিছতো যি কিঞ্চিত কৃষি ভূমি বাচি গৈছিল, সেই কৃষি ভূমি এতিয়া শুৰ পোকে তহিলং কৰি পেলালে । মাত্ৰ তিনিটা দিনতে হেৰহেৰি গাঁৱৰ ১০০ বিঘাৰো অধিক ধাননি পথাৰ সম্পূৰ্ণৰূপে ধংস কৰি পেলালে শুৰ পোকে। কীটনাশক ব্যৱহাৰ কৰিছে যদিও কোনো সুফল পোৱা নাই কৃষকে। ৰাইজৰ অভিযোগ যে বানপানী হোৱাৰ ফলতেই শুৰপোকে থিতাপি লৈছে খেতিত। কিন্তু ইমান খিনি হোৱাৰ পিছতো খৱৰ নাই অসম চৰকাৰৰ বিয়াগোম কৃষি বিভাগৰ । বানে জুৰুলা কৰা দৈয়াং পৰীয়া কৃষকে এতিয়া শুৰ পোকে ধংস কৰা খেতিডৰালৈ চাই ভৱিষ্যতৰ দুঃচিন্তাত মুৰে কপালে হাত দিবলগীয়া হৈছে।