তেজপুৰ, সংবাদ ৩৬৫, ৩১ আগষ্ট: তেজপুৰৰ শালনিবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বৈঠাভঙাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথত এক দুৰ্ঘটনা সংঘটিত হয়। ঘটনা সন্দৰ্ভত জানিব পৰা মতে তেজপুৰৰ ২ নং উলুবাৰীৰ নিবাসী মহম্মদ জমিৰুদ্দিন(৩৬) নামৰ লোকজনে বাসবেৰাৰ মহম্মদ ৰাইচুদ্দিন(৫২) নামৰ লোকজনৰ সৈতে মটৰচাইকেলেৰে তেজপুৰ মিছন চাৰীআলী দিশৰ পৰা বালিপৰা অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা আহি থকা আন এখন মটৰচাইকেলৰ লগত মুখামুখি সংঘৰ্ষ হয়। ফলত মহম্মদ জমিৰুদ্দিন নামৰ লোকজন থিতাতে নিহত হয়। আৰু মহম্মদ ৰাইচুদ্দিন নামৰ লোকজন আৰু ঠেলামৰাৰ আনখন মটৰ চাইকেলৰ চালক নিপু দেৱ গুৰুতৰভাবে আঘাত হোৱাত তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। নিপু দেৱ নামৰ চালকজনে সুৰাসক্ত হৈ মটৰ চাইকেল চলোৱাৰ বাবে এনে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি আশংকা কৰা হৈছে। নিপু দেৱ বৰ্তমান সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।