গোসাইগাঁও, সংবাদ ৩৬৫, ৩১ আগষ্ট: এটাৰ পাছত এটা সমস্যাই  জুৰুলা কৰিছে খেতিয়ক সকলক । ধুবুৰী জিলাৰ তামাৰহাটৰ  হৰিপুৰ অঞ্চলত শ শ বিঘা খেতি পথাৰত এক অচিন পোকৰ আক্ৰমনত  ধান খেতি নষ্ট হোৱাৰ উপক্ৰম হৈছে। প্ৰথমে  বৰষুণৰ অভাৱত খেতি পথাৰত চিৰাল ফাট, তাৰ পাছত কিছু পৰিমানে বৰষুণ হৈছিল যদিও আন এক অচিন পোকৰ আক্ৰমনত  ধান খেতি নষ্ট হোৱাত  বিপাঙত পৰিছে তামাৰহাট অঞ্চলৰ  খেতিয়ক সকলে। কিন্তু এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ কোনো গুৰুত্ব নাই। খেতিয়ক সকলে ব্যক্তিগত ভাৱে  বিভিন্ন ধৰনৰ অত্যাধুনিক বিষাক্ত ঔষধ প্ৰয়োগ কৰিছে  যদিও কোনো ঔষধে  সুফল দিয়া নাই বুলি খেতিয়ক সকলে  প্ৰকাশ কৰিছে । শুৰ পোকতকৈও এইবিধ পোক অতি ভয়ংকৰ বুলি  খেতিয়ক সকলে মন্তব্য কৰিছে। কিয়নো শুৰ পোকে কঠিয়াৰ আগবোৰ খায় যদিও গুৰিৰ পৰা কুমলীয়া পাতবোৰ ওলাই থাকে । কিন্তু এই বিধ ভয়ংকৰ পোকে  কঠিয়াৰ আগ নহয়, কঠিয়াৰ গুৰিৰ পৰা মাজৰ কুমলীয়া অংশ  কাটি পেলোৱাত  কঠিয়াৰ গছ সম্পূৰ্ণ ৰূপে নষ্ট কৰি পেলায়। এই বিধ অচিন পোকে কঠিয়া গছৰ ভিতৰত থাকি কঠিয়াৰ গছ কাটি পেলায়। ফলত ক্ৰমশ: বৃদ্ধি  হৈছে  অচিন পোকৰ আক্ৰমন । বছৰটোত এটা খেতিৰ ওপৰত নিৰ্ভৰ কৰা খেতিয়ক সকলে ধানখেতিৰ এনে অৱস্হা দেখি  এক জটিল সমস্যাৰ সন্মুখীন হৈছে । আনহাতে পৰিতাপৰ বিষয় যে উক্ত ঘটনা সংক্ৰান্তত কৃষকসকলে কৃষি বিভাগৰ লোকক বাৰাম্বাৰ খবৰ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে কৃষক সকলে। অচিন পোকৰ আক্ৰমনৰ ফলত সৃষ্টি হোৱা এই সমস্যা সমাধানৰ বাবে  চৰকাৰ তথা বিভাগীয় কতৃপক্ষক  খেতিয়ক সকলে দাবী জনাইছে ।