বাঘবৰ, সংবাদ ৩৬৫, ৩১ আগষ্ট: বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ সত্ৰকনৰা-মন্দিয়া সংযোগী পথৰ মাজত পকী দলঙৰ নিৰ্মাণৰ ছয়মাহ নৌহওঁতেই দলঙৰ এপ্ৰোছৰ বৃহৎ অংশৰ খহনীয়া। দলঙ খনৰ এপ্ৰোছৰ দুয়ো ফালৰ বৃহৎ অংশ খহি পৰাত দৈনিক উক্ত পথটোৰে অহৰ্নিশে হাজাৰ হাজাৰ লোকৰ যাতায়ত ব্যৱস্থা অতি ভয়ংকৰ হৈ পৰাত দুৰ্ঘটনাৰ আশংকাত ভুগিছে পথচাৰী সকলে। যাৰ বাবে ৰাইজে দুৰ্নীতি পৰায়ন ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে দলং নিৰ্মাণত ঠিকাদাৰে ব্যাপক অনিয়ম সংগঠিত কৰিছে। নিম্ন মানৰ কাম কৰি বৃহৎ পৰিমাণৰ ধন লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। গতিকে এনে দুৰ্নীতি পৰায়ন ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত শীঘ্ৰেই পকী দলং খন মেৰামতি কৰিবলৈ দাবী জনাইছে বাঘবৰ ৰাইজে।