দক্ষিণ কামৰূপ, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ: দেওবাৰে কৃষ্ণৰ মহাজন্মষ্টমী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ উপৰহালীতো পৰম্পৰা অনুসৰি ভগৱান শ্ৰী কৃষ্ণৰ জন্মৰ উৎসৱ হিচাপে টেকেলী ভঙাৰ পৰম্পৰা উৎসৱ পালন কৰা হৈছে। এই উৎসৱ কৃষ্ণৰ জন্মৰ পিছৰ পৰাই পৰম্পৰাগত ভাবে পালন কৰি আহিছে। দেওবাৰে বিয়লিভাগত গাওঁখনৰ লোকসকল ওলাই আহি সমবেত হৈ বোকাত নাচ-গান কৰি টেকেলীভঙাৰ পৰম্পৰাৰে ভগৱান শ্ৰী কৃষ্ণৰ জন্মোৎসৱ পালন কৰে । শিশুৰ পৰা বৃদ্ধলৈকে,জীয়ৰি-বোৱাৰীসকলো ওলাই আহি টেঙেলী ভঙা পৰম্পৰা উৎসৱ উপভোগ কৰা পৰিলক্ষিত হয় । ডেকাসকলে বোকাত নাচি-বাগি ওলোমাই থৈ দিয়া টেকেলী ভঙা পৰম্পৰা গাওখনত বহুবছৰ ধৰি চলি আহিছে ।