গুৱাহাটী, সংবাদ ৩৬৫, ৭ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰীৰ সমষ্টিৰ নাম্বাৰপাৰা-চাকলা সমবায় সমিতিৰ অবৈতনিক সচিব তোফাজ্জুল হুছেইনক বৃহস্পতিবাৰে নিশা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ঘটনাই সমগ্ৰ অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উত্তৰশালমাৰা সমবায় সমিতিৰ উপ-পঞ্জীয়কৰ কাৰ্য্যলয়ৰ পৰা অভয়াপুৰী আৰক্ষীয়ে আটক কৰি থানাত জেৰা কৰাৰ পাছত দিছপুৰ আৰক্ষীয়ে নিশা গ্ৰেপ্তাৰ কৰে সচিবজনক। জানিব পৰা মতে যোৱা ৬ আগষ্টত গুৱাহাটীৰ খৃষ্টানবস্তীৰ পৰা চাকলাৰ চি. কে. মহাবিদ্যালয়ৰ প্ৰবক্তা শ্বফিকুল ইছলামক তোফাজ্জেল হুছেইনৰ নেতৃত্বত অপহৰন কৰি বঙাইগাঁওলৈ অনা হৈছিল। সেইদিনাই ৰাতি শ্বফিকুলৰ অভিভাৱকে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩৬৪(এ)/৩৪ আইপিছিৰ অধীনত ২২৪২/২০১৮ নং গোছৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে। দিছপুৰ আৰক্ষীৰ জোৰদাৰ অভিযানত পৰৱৰ্তী দিনৰ পুৱা কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ সন্মুখত শ্বফিকুলক এৰি দি অপহৰণকাৰী দলটোৱে পলায়ন কৰে। কিন্তু সুদীৰ্ঘ এমাহ পিছত দিছপুৰ আৰক্ষীয়ে বৃহস্পতিবাৰে নাটকীয়ভাৱে তোফাজ্জলক অভয়াপুৰী আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰি গুৱাহাটিলৈ লৈ যায়। আনহাতে, গ্ৰেপ্তাৰৰ পিছতে তোফাজ্জলৰ জেষ্ঠভাতৃয়ে সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দি ব্যৱসায়িক কেন্দ্ৰিক সংঘাতৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি সংবাদ মাধ্যৰ আগত প্ৰকাশ কৰে।উল্লেখ্য যে তোফাজ্জুলৰ বিৰুদ্ধে সমবায় সমিতিত ব্যাপক দূৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি পৰিচালনা সমিতিয়ে ইতিমধ্যে এজাহাৰ দাখিল কৰিছে।