গোঁসাইগাঁও, সংবাদ ৩৬৫, ২১ আগষ্ট: সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছু’ৰ গোসাঁইগাওঁ জিলা সমিতিৰ অন্তৰ্গত ভোমৰাবিল আঞ্চলিক সমিতিয়ে আগন্তুক পৱিত্ৰ ঈদুল আজহাৰ প্ৰাকক্ষনত অতিকৈ দুখীয়া তথা বিধৱা মহিলাসকলক কাপোৰ বিতৰণ কৰে। এবিএমছু’ৰ মিশ্যন ২০২০ক অনুসৰণ কৰি আৰু আগন্তুক মুছলমান ধৰ্মাৱলম্বীসকলৰ আনন্দ তথা পৱিত্ৰ ঈদুল আজহাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে বিয়লি তিনি বজাৰ পৰা আাঞ্চলিক সমিতিখনৰ সভাপতি খাইৰুল আলম শেখ, কাৰ্য্যকৰী সভাপতি হাফিজুৰ ৰহমান, সাধাৰণ সম্পাদক শাহজাহান শেখ, আব্দুল কাদেৰ আদিৰ নেতৃত্বত এক স্বজাতিৰ দলে ভোমৰাবিল আঞ্চলিক সমিতিৰ অন্তৰ্গত গাওঁসমুহত অতিকৈ দুখীয়া তথা বিধৱা মহিলাসকলৰ ঘৰে ঘৰে গৈ একো খনকৈ শাৰী বিতৰণ কৰে। সভাপতি খাইৰুল আলম শেখে এবিএমছুৰ মিশ্যন ২০২০ উল্লেখেৰে প্ৰয়াত লাফিকুল ইছলামক শ্ৰদ্ধাৰে সোৱৰে। লগতে সভাপতি খাইৰুল আলম শেখ আৰু সাধাৰণ সম্পাদক শাহজাহান শেখে উক্ত মহিলাসকলৰ লগতে সমূহ ৰাজ্য বাসীৰ সদৌটিলৈ ঈদুল আজহাৰ হিয়াভৰা শুভেচ্ছা জনায়।