তামুলপুৰ, সংবাদ ৩৬৫, ২০ নৱেম্বৰ: ইউ টি চিৰ বিৰোধীতা আৰু কোচ ৰাজবংশীসকলক জনজাতিকৰণক লৈ আক্ৰাছুৱে আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত মঙ্গলবাৰে দ্বিতীয় দিনা বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গুৱাবাৰীত এক তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়। একাংশ আক্ৰাছুৰ সদস্যই জিলাখনৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত গুৱাবাৰী বজাৰৰ দোকান বন্ধ কৰাৰ আহ্বান জনোৱাৰ সময়তে স্থানীয় ৰাইজ আৰু বন্ধ সমৰ্থকৰ মাজত হতাহতিৰ সৃষ্টি হয় ৷ জানিব পৰা মতে বন্ধ সমৰ্থকসকলে এখন মাল কঢ়িওৱা টেম্পোভেনত আক্ৰমন কৰি গ্লাচ ভঙাৰ লগতে দ্ৰাইভাৰজনকো মাৰধৰ কৰে ৷ ফলত অঞ্চলটোৰ একাংশ স্থানীয় ৰাইজ ওলাই আহি বন্ধ সমৰ্থকসকলৰ সৈতে তৰ্ক বিতৰ্কত লিপ্ত হয় ৷ পিচত পৰিবেশ ইমানেই উত্তপ্ত হয় যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷