দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১৬ জানুৱাৰী : দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে পূষণা (দোমাহী) ।দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ দক্ষিণ শালমাৰাৰ জন কল্যাণ হাইস্কুলত বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে পূষণা (দোমাহী) ।

আয়োজক সমিতিয়ে জানিবলৈ দিয়া অনুসৰি দেশী জনগোষ্ঠী মঞ্চৰ বিভিন্ন ধৰণৰ কলা-কৃষ্টিৰ আয়োজন কৰাৰ লগতে শুকুৰবাৰে দেশীয় গীতৰ এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিব।

বৃহস্পতিবাৰৰ ৰাতিপুৱা ৯ বজাত দেশী জনগোষ্ঠী মঞ্চৰ পতাকা উত্তোলন কৰে । ইয়াৰ পিছত সাতডুবি বিলত সকলোৱে সমূহীয়াকৈ মাছ মাৰি আনন্দ উপভোগ কৰে ।