বিলাসীপাৰা, সংবাদ ৩৬৫, ১৫ আগষ্ট: সমগ্ৰ দেশজুৰি স্বাধীনতা দিৱসৰ উদযাপনক লৈ ব্যস্ত থকাৰ সময়তে বিলাসীপাৰাৰ শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত হাটীপোতাত বুধবাৰে এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় দুখন মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষত। এ এছ১৭ বি- ২৮৬১ নম্বৰৰ বিলাসীপৰা অভিমুখী ট্ৰাক খনেৰে গুৱাহাটী অভিমুখী এ এছ১৯ চি- ৯৩৮৭ নম্বৰৰ তীব্ৰ বেগী ট্ৰাক খনৰ মুখামুখী সংঘৰ্ষ সংঘটিত হয়। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হোৱা গোৱালপাৰা জিলাৰ বগুৱানৰ নিবাসী শৰজুল হুছেইন নামৰ ট্ৰাক চালক জনক চাপৰ চিকিৎসালয়ত নিয়া হয় যদিও অৱস্থা অতি সংকট জনক বাবে চিকিৎসালয় নৌপাতেই মৃত্যু হয়। উক্ত দুৰ্ঘটনাটোত আনজন চালকো আঘাতপ্ৰাপ্ত হয়। সম্প্ৰতি মৃতদেহটোৰ মৰুণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিত্সালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।