সৰভোগ, সংবাদ ৩৬৫, ৮ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ সৰভোগৰ নিকটৱৰ্তী পশ্চিম চেঙেলীয়াত যোৱা দুই দিন ধৰি বেঁকী নদীত জিলা ভিত্তিত নাওঁ খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। নৈপৰীয়া অঞ্চলৰ বাবে এই নাওঁ খেল অতি জনপ্ৰিয় হোৱা হেতুকে নাও খেলখন চাবলৈ সকলোৱে পানীত নামি ভিৰ লাগি খেল উপভোগ কৰা পৰিলক্ষিত হয়। তাৎপৰ্য পূৰ্ন কথাটো হল যোৱা ছয় দিনে ৰাজ্য খনৰ দিখৌ মুখ আৰু ব্ৰহ্মপুত্ৰ নদীত হৈ যোৱা দুটা কৈ ভয়ংকৰ দূৰ্ঘটনাৰ শংকা মাৰ নৌযাওঁতেই বৰপেটা জিলা প্ৰশাসনে কি ভিত্তিত এনেধৰনৰ বিপদসংকুল খেল অনুষ্ঠিত কৰিবলৈ সক্ষম প্ৰদান কৰিলে সেয়া লৈ সমগ্ৰ বৰপেটা জিলাত সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।