নাৰী সৰবৰাহকাৰীৰ কবলত পৰাৰ সন্দেহ পৰিয়ালৰ

সোণতলী, ২৮ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ সোণতলীত এগৰাকী মহিলা সন্ধানহীন হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ বকো থানাৰ সোণতলী আৰক্ষী চকীৰ অধীনস্থ ডেকাচাং গাঁৱৰ নায়েব আলীৰ পত্নী নুৰজাহান বেগম ওৰফে মুন্নী নামৰ মহিলা গৰাকী ৫ এপ্ৰিলৰ পৰা সন্ধানহীন হৈ আছে ৷ মহিলা গৰাকীয়ে বেমাৰী মাতৃৰ খবৰ ল’বলৈ স্বামী গৃহ ডেকাচাংৰ পৰা গুৱাহাটীলৈ যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে৷ স্বামীৰ লগতে পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰিও মুন্নীৰ কোনো শুংসুত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই৷ উপায়ন্তৰ হৈ মহিলা গৰাকীৰ স্বামী নায়েব আলীয়ে ঘটনা সন্দৰ্ভত ১৯ এপ্ৰিলত সোণতলী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়েও মহিলা গৰাকীৰ সন্ধান উলিয়াব পৰা নাই৷ দিন হাজিৰা কৰি কোনোমতে পৰিয়াল পোহ-পাল দিয়া নায়েব আলীৰ কণমানি তিনিটা সন্তানৰ কন্যা সন্তান দুগৰাকীয়ে মাতৃৰ অনুপস্থিতিত ভাত ৰন্ধা, কাপোৰ ধোৱা, ঘৰ ছাফা কৰা আদি যাৱতীয় ঘৰুৱা কাম-কাজ কৰিবলগীয়া হৈছে৷ যোৱা ১৮ এপ্ৰিলত হাৰিয়ানাৰ পৰা ০৯৮১০৪০৬১৪৬ নম্বৰৰ পৰা মহিলা গৰাকীয়ে স্বামীলৈ ফোন কৰিছিল যদিও কোনো সঠিক ঠিকনা জনাবলৈ সক্ষম হোৱা নাছিল৷ নায়েব আলীয়ে পত্নী নুৰজাহান বেগম ওৰফে মুন্নীক অপহৰণ কৰি নিয়া বুলি সন্দেহ কৰিছে ৷