আজিজ আলী

নলবাৰী 

২৭ছেপ্টেম্বৰ

বৰক্ষেত্রী-ধৰ্মপুৰত যাতায়াত ব্যৱস্থাৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ। জৰাজীৰ্ণ অবস্থাত থকা এটা পথে জলাকলা খুৱাইছে ৰাইজক। দুই সমষ্টিৰ সীমামুৰীয়া হোৱাৰ বাবে পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত গুৰুত্ব নাই দুয়োখন সমষ্টিৰ জনপ্ৰতিনিধিৰ।

নলবাৰী জিলাৰ চাউলখোৱা পাৰৰ এটা পথৰ দুৰাৱস্থাই জলাকলা খুৱাইছে ৰাইজক। বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ সমষ্টিৰ সীমামুৰীয়া পথটোৰে কেইবাখনো গাৱঁৰ ৰাইজে বোকা-পানী গচকি যাতায়ত কৰিব লগীয়া হৈছে। জতায়তৰ নামত গাঁও কেইখনৰ ৰাইজে একপ্ৰকাৰ ভূগিছে হাৰাশাস্তি। চাউলখোৱা পাৰৰ পৰা বৈঠাভাঙা লৈ যোৱা একমাত্ৰ পথটো বিগত চাৰি বছৰে এবাৰো মেৰামতিৰ নকৰাৰ ফলত বৰ্তমান পথটোৰে যাতায়ত কৰা অসম্ভৱ হৈ পৰিছে। যাতায়তৰ বাবে গাঁও কেইখনৰ ৰাইজৰ কোনো বিকল্প পথ নথকাত এই জৰাজীৰ্ণ পথটোৰে গাৱঁৰ ৰাইজে বছৰ বছৰ ধৰি যাতায়ত কৰিবলৈ বাধ্য হৈ যাতায়তৰ নামত ভূগি আহিছে যমৰ যতনা। ৰাইজে বাৰম্বাৰ পথটো মেৰামতি কৰিবলৈ চৰকাৰ তথা বিভাগীয় কর্তৃপক্ষক অনুৰোধ জনাই আহিছে যদিও ৰাইজৰ অনুৰোধৰ কোনো গুৰুত্ব নাই চৰকাৰ ওচৰত। পৰিতাপৰ বিষয় যে বৰক্ষেত্ৰী আৰু ধৰ্মপুৰ বিধান সভা সমষ্টিৰ সীমামুৰীয়া হোৱাৰ বাবেই পথটো মেৰিমতৰ ক্ষেত্ৰত এলাগি হৈছে নেকি?

অঞ্চলটোৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক পথটো মেৰামতি কৰাৰ বাবে ৰাইজে অনুৰোধ কৰাৰ পিছতো মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে বৰ্তমানলৈকে পথটো মেৰামতি কৰাৰ বাবে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। জৰাজীৰ্ণ পথটো অতি শীঘ্ৰে মেৰামতি কৰাৰ বাবে ৰাইজে চৰকাৰক পুনৰ বাৰ অনুৰোধ জনাইছে। পথটো যদি অতি শীঘ্ৰে মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তেন্তে ৰাইজ প্ৰতিবাদৰ পথ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুকিও ৰাইজে হুংকাৰ দীয়ে।