হোজাই

২৭ ছেপ্টেম্বৰ

পুনৰ ৰে’লৰ খুন্দাত প্ৰাণ হেৰুৱালে দুটাকৈ বনৰীয়া হাতী। লামডিং বনাঞ্চলত মালবাহি ৰে’লৰ খুন্দাত পোৱালিসহ নিহত হয় এটা বনৰীয়া হাতী। পূৰ্বেও একে ঠাইতে ৰে’লৰ খুন্দাত নিহত হৈছিল বনৰীয়া হাতী।

শনিবাৰে নিশা হোজাই জিলাৰ অন্তৰ্গত লামডিংত পাঠৰখোলা-লামচাখং ৰে’ল ষ্টেচনৰ মাজত উজনিমুৱা মালবাহি ৰে’লৰ খুন্দাত পোৱালিসহ এটা বনৰীয়া হাতী নিহত হয়। লামডিং বনাঞ্চলৰ মাজৰে যোৱা ৰে’ল লাইনত শোকাবহ দুৰ্ঘটনা সংঘটিত হয়। জানিবলৈ পোৱা মতে নিশাৰ ভাগত খাদ্যৰ সন্ধনত পোৱালিসহ ওলাই অহা বনৰীয়া হাতীটো পাঠৰখোলা-লামচাখং ৰে’ল ষ্টেচনৰ মাজৰে যোৱা ৰে’ল লাইন পাৰ কৰিবলৈ হ’বলৈ ধৰাত উজনিমুৱা মালবাহি ৰে’লৰ খুন্দাত বনৰীয়া হাতী দুটাৰ মৃত্যু হয়। উল্লেখ্য যে, লামডিং বনাঞ্চলৰ মাজৰে পাৰ হৈ যোৱা ৰে’ল লাইনত পূৰ্বেও ৰে’লৰ খুন্দত বনৰীয়া হাতীৰ মৃত্যু হৈছিল। দুবছমান পূৰ্বে একে ঠাইতে ৰে’লৰ খুন্দাত ৫ টাকৈ বনৰীয়া হাতীৰ মৃত্যু হৈছিল। লামডিং বনাঞ্চলৰ মাজেৰে পাৰ হৈ যোৱা ৰে’ল লাইনটো বনৰীয়া হাতীৰ অহা-যোৱা কৰা ৰাস্তাৰ মাজেৰে পাৰ হৈ যোৱাৰ বাবে ৰে’ল বিভাগে এই অঞ্চলটোৰ ৰে’লৰ গতিত নিয়ন্ত্ৰণ ৰাখে যদিও শনিবাৰে নিশা দুৰ্ভাগ্যজনক ভাৱে এই শোকবাহ দুৰ্ঘটনা সংঘটিত হয়। বহুতে আকৌ মালবাহি ৰে’লটোৰ গতিত নিয়ন্ত্ৰণ নথকাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱা বুকিও অভিযোগ কৰিছে।

যোৱা দুদিনত ৰাজ্যত ৪ টাকৈ বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাইছে। শনিবাৰে নিশা লামডিংত পোৱালিসহ এটা বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱাৰ লগতে শুকুৰবাৰে নিশা মহানগৰী গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী সংৰক্ষিত বনাঞ্চলৰ বাকাৰাপাৰাত বিদ্যুৎস্পৃষ্ট হৈ দুটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু হৈছিল। খাদ্যৰ সন্ধানত বনৰীয়া হাতী দুটা বনাঞ্চলৰ মাজৰ পৰা জনাঞ্চললৈ ওলাই আহি বাঁহ গছ খাই থাকোতে বাঁহৰ গছ বিদ্যুৎ প্ৰবাহিত তাৰত লাগি ধৰাত বনৰীয়া হাতী দুটা বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱতিব লগীয়া হৈছিল।