ৰঙিয়া, সংবাদ৩৬৫, ১ এপ্ৰিল: কামৰূপ জিলা ছাত্র সন্থাৰ পঞ্চদশ বাৰ্ষিক অধিবেশন দেওবাৰৰ পৰা ৰঙিয়াৰ বালিসত্ৰত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। পঞ্চদশ বাৰ্ষিক অধিবেশন উপলক্ষে দেওবাৰে পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষ ৰোপণ কাৰ্যসূচীৰ পিছতেই উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। সত্ৰীয়া সংস্কৃতিৰ ভাৱধাৰাৰে চালিত পুণ্যভূমি বালিসত্ৰত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰা বাৰেৰহণীয়া ছাত্র সন্থাৰ সাংস্কৃতিক শোভাযাত্ৰাত অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু অভিনেতা বিপুল ৰাভাৰ উপস্থিতিয়ে এক অন্য মাত্ৰা প্ৰদান কৰে। অভিনেত্ৰী বৰষাৰাণী বিষয়া আৰু অভিনেতা বিপুল ৰাভাই ৰঙিয়াৰ বালিসত্ৰত কামৰূপ জিলা ছাত্ৰ সন্থাৰ পঞ্চদশ বাৰ্ষিক অধিবেশনৰ শোভাযাত্ৰা উদ্বোধনৰ কৰি বৃহত্তৰ অঞ্চলটো পৰিভ্ৰমণ কৰে। দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা কামৰূপ জিলা ছাত্ৰ সন্থাৰ পঞ্চদশ বাৰ্ষিক অধিবেশন উপলক্ষে বৃহত্তৰ বালিসত্ৰ অঞ্চলটোত এক উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি হৈছে।