নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৫ মাৰ্চ : দেশত বৃদ্ধি পালে কৰ’ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। ১১ লৈ বৃদ্ধি পালে ভাৰতত কৰ’ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা। বুধবাৰে তামিলনাডুত কৰ’ণা ভাইৰাছত আক্রান্ত হৈ চিকিৎসাধীন হৈ থকা এজন ৬৪ বছৰীয়া লোকৰ মৃত্যুৰ পিছতে ভাৰতত মৃতকৰ সংখ্যা বৃদ্ধি পায়।

প্ৰতিদিনে বিশ্বৰ নতুন নতুন দেশলৈ সংক্ৰমণ ঘটা মাৰাত্মক কৰ’ণা ভাইৰাছক লৈ এতিয়া সমগ্ৰ বিশ্ব চিন্তিত। কৰ’ণাৰ ভাইৰাছৰ তাণ্ডৱে নিদ্ৰা হৰিছে বিশ্বৰ শক্তিশালী কেইবাখনো দেশৰ। চীনত উৎপত্তি ঘটা কৰ’ণা ভছিৰাছ বৰ্তমান চীনত কিছু শান্ত হোৱাৰ যেন পৰিলক্ষিত হৈছে যদিও ইটালী, আমেৰিকা, ফ্ৰান্সৰ লগতে ভাৰত, পাকিস্তান, বাংলাদেশত অব্যহত আছে কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস। ভাৰতত বৰ্তমালৈকে কৰ’ণা ভাইৰাছত আক্রান্ত হৈ মৃত্যু ১১ জনকৈ লোকৰ। বুধবাৰে তামিলনাডুৰ এজন ৫৪ বছৰীয়া লোকৰ মৃত্যু ঘটে কৰ’ণা ভাইৰাছৰ বাবে। ভাৰতত কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালে বৃদ্ধি পাইছে সংক্ৰমিত লোকৰ সংখ্যা। দেশত কেন্দ্ৰ চৰকাৰৰ লগতে প্ৰতিটো ৰাজ্য চৰকাৰ কৰ’ণা ভাইৰাছ বিৰোধী যুদ্ধত সকলোখিনি উজাৰি দিয়াৰ পিছতো ভাৰতত ৫৬২ জন লোক কৰুণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।
 
কেন্দ্ৰ চৰকাৰে ইতিমধ্যে দেশত কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে ২৪ মাৰ্চৰ সমগ্ৰ ভাৰত লক ডাউন কৰিছে। অত্যাৱশ্যকীয় সেৱা সমূহৰ বাদে দেশত বন্ধ কৰি দিয়া হৈছে সকলো শিক্ষা অনুষ্ঠান, কার্যলায়, দোকান-বজাৰ। কৰ’ণাৰ আতংকত জনশূণ্য হৈ পৰিছে সমগ্ৰ দেশৰ ৰাজপথ সমূহ। দেশত স্তব্ধ হৈ পৰিছে জনজীৱন।