ধুবুৰী, সংবাদ ৩৬৫, ২১ এপ্ৰিলঃ প্ৰতিদিনে ধ্বংসৰ গৰাহঁত গতি কৰিছে ৰাজ্যৰ হাজাৰ হাজাৰ নৱ প্ৰজন্মই। ধঁপাত জাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত নৱ প্ৰজন্ম তথা ছাত্ৰ ছাত্ৰী। ধঁপাত জাতীয় বস্তু সেৱন কৰি বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ প্ৰতিদিনে ৰাজ্যত মৃত্যু হৈছে ৩৪ হাজাৰ লোক। অসম আৰক্ষীয়ে প্ৰকাশ কৰিছে এনে এক ভয়ংকৰ তথ্য। শনিবাৰে অসম আৰক্ষীৰ উদ্যোগত আৰু সম্বন্ধ হেল্থ ফাউণ্ডেশনৰ সহযোগত ধুবুৰী সদৰ আৰক্ষী চাউনিত অনুষ্ঠিত হয় এক ধঁপাত বিৰোধী প্ৰশিক্ষণ কেন্দ্ৰ। অৱসৰ প্ৰাপ্ত উপআৰক্ষী সঞ্চালক প্ৰতুল ফুকন, জিলা আৰক্ষী অধীক্ষক লংনিত তেৰাং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকাৰ লগতে কেইবাগৰাকী উপ আৰক্ষী অধীক্ষক, ধুবুৰী সদৰ আৰক্ষী বিষয়া সহ জিলাখনৰ প্ৰতিখন আৰক্ষী থানাৰ বিষয়া সকলে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ কেন্দ্ৰত ধুবুৰীৰ বিশিষ্ট চিকিৎসক দেৱাশীষ মুখাৰ্জীয়ে প্ৰজেক্টৰৰ সহায়ত ধঁপাত জাতীয় বস্তু সেৱন কৰিলে কি কি ৰোগ হয় সেই বিষয়ে বিতং কৈ বুজায়। উল্লেখযোগ্য যে, ধঁপাত মুক্ত অসম গঢ়াৰ লক্ষৰে অনুষ্ঠিত হোৱা এই প্ৰশিক্ষণৰ পিছত কোটপা আইনৰ আধাৰত ৰাজহুৱা স্থানত ধুমপান কৰা লোক সকলৰ বিৰুদ্ধে আৰক্ষীয়ে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে অৱসৰ প্ৰাপ্ত উপ আৰক্ষী সঞ্চালক ফুকনে। আনহাতে এই প্ৰশিক্ষণৰ পিছত ধুবুৰীৰ প্ৰতিটো স্থান আৰু শিক্ষা প্ৰতিষ্ঠানত আৰক্ষীয়ে চোকা দৃষ্টি ৰাখিব আৰু ধঁপাত আৰু ধূমপান কৰা সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হব বুলি উল্লেখ কৰে জিলা আৰক্ষী অধীক্ষক লংনিত তেৰাঙে। লগতে শিক্ষা প্ৰতিষ্ঠান কাষৰ ধঁপাত জাতীয় বস্তু বিক্ৰী কৰা দোকান সমূহৰ ক্ষেত্ৰতো আৰক্ষীয়ে চকু ৰাখিব বুলি উল্লেখ কৰে তেওঁ। উল্লেখযোগ্য যে, আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা প্ৰকাশ কৰা তথ্য মতে, ৰাজ্যত প্ৰতিদিনে ৩৪ হাজাৰ লোক ধঁপাত আৰু ধূম্ৰপান সেৱন কৰাৰ বাবে দুৰাৰোগ্যত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ বিপৰীতে প্ৰতিদিনে ৰাজ্যত ৫৪১ কোটি টকা অৰ্থনৈতিক ক্ষতি হৈ আছে।