ধুবুৰী, সংবাদ ৩৬৫ , ২১ জুলাইঃ ধুবুৰীৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা কনকলতা মহিলা সৱলীকৰণ সমাৰোহত মাননীয় মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী ফণী ভূষণ আৰু মন্ত্ৰী নৱ দলে। ৰাজ্যৰ মুঠ ১ লাখ ২৬ হাজাৰ আত্ম সহায়ক গোটক ২৫ হাজাৰকৈ সাহায্য প্ৰদান কৰিব বুলি মন্তব্য প্ৰকশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সমাৰোহত মুখ্যমন্ত্ৰী গৰাকীয়ে ভাষণত কয়, ’’অসম কন্যা হিমাই যি কৰি দেখূৱালে সেয়াই আমাৰ আই মাতৃৰ যুৱতীৰ বাবে প্ৰেৰনা হব লাগে। মহিলা আত্মসহায়ক গোট সমূহে ভাল কাম কৰিলে প্ৰতিটো মহিলা আত্ম সহায়ক গোটক ৫ লাখ,৩ লাখ আৰু ২ লাখ টকাৰে পুৰস্কৃত কৰা হব। লগতে এন ই চি লৈ বহু ৰাজনৈতিক দলে ৰাইজক বিভ্ৰান্ত কৰিবলৈ প্ৰয়াস কৰিছে , উক্ত বিষয়ত ৰাইজক চিন্তিত নহবলৈ আহ্বান জনাইছে মূখ্যমন্ত্ৰীয়ে। ইপিনে শীঘ্ৰেই ব্ৰহ্মপুত্ৰৰ ওপৰত এছিয়াৰ সৰ্ববৃহৎ দ্বিতীয় খন দলঙ (ধুবুৰী-ফুলবাৰী)ৰ কাম আৰম্ভ হব বুলি উল্লেখ কৰে। ইপিনে মহিলা সৱলীকৰণৰ প্ৰসংগ উপস্থাপন কৰি ৰাজ্যত সংখ্যালঘু কন্যা সকলৰ বাবে ন খনকৈ নতুন মহাবিদ্যালয় স্থাপন কৰা হব। ইয়াৰে ধুবুৰীত দুখন বালিকা মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰে মূখ্যমন্ত্ৰী গৰাকীয়ে। আনহাতে অৰ্ধ নিৰ্মিত ধুবুৰী ইনডোৰ ষ্টেডিয়ামখন সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মূখ্যমন্ত্ৰী।