মুছলপুৰ, সংবাদ ৩৬৫, ২২ জুলাইঃ  ৰাজ্যত দৈনিক সংঘটিত হৈ আহিছে হত্যা, ধৰ্ষণ দিন-ডকাইতি, আদি এটাৰ পিচত আনটো অপৰাধ মূলক ঘটনা। এইবাৰ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত বগুলামাৰীত সংঘটিত হ’ল ধৰ্ষনৰ দৰে জঘন্য ঘটনা ৷ এগৰাকী চল্লিশ বছৰীয়া ব্যক্তিৰ কামনাৰ বলি হ ‘ল এগৰাকী তেৰ বছৰীয়া কিশোৰী ৷ জিত বাহাদুৰ চেত্ৰী নামৰ এগৰাকী ব্যক্তিয়ে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি তেৰ বছৰীয়া কিশোৰী গৰাকীক ধৰ্ষন কৰিছিল। শনিবাৰে পোহৰলৈ আহে এই জঘন্য ধৰ্ষন কাণ্ডৰ কাহিনী ৷ ধৰ্ষনৰ বলি হোৱা কিশোৰী গৰাকীয়ে জানিব দিয়া মতে যোৱা ১৩ জুলাইৰ নিশা জিত বাহাদুৰ চেত্ৰী নামৰ লোকজন তেওঁলোকৰ ঘৰত উপস্থিত হয় আৰু কিশোৰী গৰাকীৰ মাতৃ বাহিৰত থকাৰ সুযোগ গ্ৰহন কৰি মুখত সোপা দি ধৰ্ষন কৰাৰ লগতে ঘটনাটো কাকো নকবলৈ ভাবুকি দিয়াৰ উপৰিও পিতৃ -মাতৃক হত্যা কৰিব বুলি কয় ৷ কিশোৰী গৰাকীয়ে ঘটনাটো শনিবাৰে প্ৰকাশ কৰাত পৰিয়ালৰ লোকে ঘটনা সন্দৰ্ভত বৰবৰী থানাত জিত বাহাদুৰ চেত্ৰীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়েও পিচত কিশোৰী গৰাকীৰ স্বীকাৰোক্তি আৰু প্ৰাথমিক তদন্তৰ অন্তত অভিযুক্ত জিত বাহাদুৰ চেত্ৰীক আটক কৰে।