ধুবুৰী, সংবাদ ৩৬৫, ৩১ আগষ্ট: ধুবুৰী জিলাৰ বন সংমণ্ডল কাৰ্য্যালয় আৰু কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰা বন সংমণ্ডল কাৰ্য্যালয়ৰ সীমামূৰীয়া আলমগঞ্জ অঞ্চলত বনাঞ্চল এৰি জনাঞ্চলত মুক্ত বিচৰণ কৰি থকা এটি প্রকাণ্ড মৃগপহু শুক্ৰবাৰে উদ্ধাৰ হয়। উল্লেখ্য যে জনাঞ্চলত মুক্ত ভাবে বিচৰণ কৰি থকা মৃগপহুটোক আলমগঞ্জৰে নিবাসী আব্দুৰ ৰহিম, আফজাল হক, নুৰুদ্দিন, জামাল উদ্দীন, শ্বহিদূৰ ইছলাম, ছাইফুল ইছলাম, আমজাদ আলি আৰু আজিম উদ্দীন নামৰ ব্যক্তি কেইজনে ধৰি বন কৰ্মীৰ হাতত গতাই দিয়ে। স্মৰ্তব্য যে, ৰাইজে দৌৰি দৌৰি আটক কৰা মৃগপহুটোৰ গাঁত কেইবা ঠাইতো আঘাত পোৱাৰ ফলত বন কৰ্মীয়ে মৃগপহুটো উদ্ধাৰ কৰি প্রাথমিক চিকিৎসা প্ৰদান কৰিছে বুলি জানিবলৈ দিয়ে।